লখিমপুৰ , 25 জানুৱাৰী : আকৌ এবাৰ বিজেপিৰ হাতত ধাৰশায়ী হ'ল কংগ্ৰছ ৷ লাহে লাহে ৰাইজৰ পৰা এলাগী হৈ পৰিছে প্ৰায় 15 বছৰ ধৰি অসমত শাসন কৰা দলটো ৷ সেয়াই প্ৰমাণিত হ'ল ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনা ৷ সোমবাৰে ঘোষণা কৰা ফলাফল অনুসৰি কংগ্ৰেছতকৈ নিৰ্দলীয় দলৰ প্ৰাৰ্থীয়েহে বেছি ভোট পোৱা পৰিলক্ষিত হয় ৷
"কংগ্ৰেছ দলৰ অৱস্থা বৰ্তমান অধিক শোচনীয় হৈ পৰিছে । ঠেঙাল পৰিষদীয় নিৰ্বাচনত প্ৰতিদ্বন্দিতালৈকে নাহিল দলটো" এই বুলি মন্তব্য কৰে ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৷ সোমবাৰে বিয়লি উত্তৰ লখিমপুৰৰ বাসুদেৱ কল্যাণ ট্ৰাষ্টৰ প্ৰেক্ষাগৃহত এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি এনে মন্তব্য কৰে অসম ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই 9BJP State President Bhabesh Kalita criticizes Congress) ।
লগতে, লখিমপুৰৰ ৰাইজে 5 টাকৈ ঠেংগাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ সমষ্টিত বিপুল ভোটত বিজপিক জয়ী কৰাটো এটা বৰ শুভ লক্ষণ বুলিও সাংবাদিকৰ আগত মন্তব্য কৰে ।