বিহপুৰীয়া, 10 জানুৱাৰী : ২০ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (Thengal Kachari Autonomous Council Election) ক লৈ পৰিষদীয় সমষ্টিসমূহত বিভিন্ন ৰাজনৈতিক দলসমূহে ব্যাপক তৎপৰতা অৱলম্বন কৰিছে ৷ পৰিষদীয় সমষ্টি ১৯ নং দক্ষিণ বিহপুৰীয়া সমষ্টিত আন আন ৰাজনৈতিক দলসমূহৰ লগতে বিজেপি মিত্ৰজোঁটেও নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ।
সমষ্টিটোৰ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী কেশৰাম বৰাৰ হৈ প্ৰচাৰ চলাবলৈ সোমবাৰে সমষ্টিটোত উপস্থিত হ’ল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা (BJP president Bhabesh Kalita At Bihpuria) । ঠেঙাল কছাৰীৰসকলৰ এক সাংস্কৃতিক কাৰ্যসূচীৰ জৰিয়তে নিৰ্বাচনী সভাত উপস্থিত জনতাক বিজেপিক ভোট প্ৰদান কৰিবলৈ আহ্বান জনোৱাৰ লগতে বৰ্তমানৰ চৰকাৰে হাতত লোৱা বিভিন্ন জন কল্যাণমূলক আঁচনিসমূহৰ বিষয়ে অৱগত কৰে ।