নাওবৈচা, ২৯ নৱেম্বৰ: সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ন-পুৰণি সকলো ৰাজনৈতিক দলে কুছ-কাৱাজ চলাই থকাৰ সমান্তৰালকৈ শাসকীয় দল বিজেপিয়েও নিৰ্বাচনী ৰণ কৌশল ৰচনা কৰিছে । ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে লখিমপুৰ জিলাৰ নাওবৈচাতো নিৰ্বাচনী প্ৰস্তুতি চলাইছে দলটোৱে । দেওবাৰে নাওবৈচাৰ শিঙৰা গাঁও পঞ্চায়ত কাৰ্যলয়ৰ প্ৰাংগণত অনুষ্ঠিত হয় বিজেপিৰ নাওবৈচা মণ্ডলৰ অনুসূচীত জনজাতি মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা । এই সভাত উপস্থিত থাকি নাওবৈচাৰ বিজেপিৰ মণ্ডল সভাপতি ৰঞ্জিত গগৈয়ে সমষ্টিটোত এইবাৰ বিজেপিৰ প্ৰাৰ্থীহে জয়ী হ'ব বুলি মন্তব্য কৰে ।
তেওঁ কয় যে, '২০১৬ৰ নিৰ্বাচনত মাত্ৰ কেইটামান ভোটৰ বাবে নাওবৈচাৰ আসনখন বিজেপিয়ে হেৰুৱাবলগীয়া হৈছিল । এইবাৰ নাওবৈচাত তৃণমূল পৰ্যায়ৰ পৰা দলটোক অধিক শক্তিশালী কৰি তোলা হৈছে ।'বিজেপিৰ নাওবৈচা মণ্ডল অনুসূচীত জনজাতি মৰ্চাৰ সভাপতি মৃগেন বসুমতাৰীৰ সভাপতিত্বত সভাখন অনুষ্ঠিত হয় । বিজেপিৰ অনুসূচীত জনজাতি মৰ্চাৰ সভাপতি সঞ্জীৱ দেউৰীয়ে আগন্তুক নিৰ্বাচনত যাতে নাওবৈচা সমষ্টিত বিজেপি দখলত থাকে তাৰ বাবে দলটোৰ সকলো ভাতৃ সংগঠনক এতিয়াৰে পৰা তৃণমূল পৰ্যায়ত সাংগঠনিক দিশত কাম কৰিবলৈ আহ্বান জনায় ।