অসম

assam

নাওবৈচাত সমষ্টি ভাগ-বতৰাক কেন্দ্ৰ কৰি প্ৰতিবাদ

By

Published : Mar 4, 2021, 8:29 AM IST

নাওবৈচা সমষ্টিত অগপ আৰু বিজেপিৰ মাজত সমষ্টিৰ ভাগ-বতৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে মতানৈক্য ৷ বুধবাৰে সন্ধিয়া বিজেপি কৰ্মীসকলে দলীয় কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷

সমষ্টি ভাগ বতৰাকলৈ প্ৰতিবাদ নাওবৈচাত
সমষ্টি ভাগ বতৰাকলৈ প্ৰতিবাদ নাওবৈচাত

নাওবৈচা,4 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে আসন অথবা টিকটকেন্দ্ৰিক যুঁজ ৷ বাদ পৰি ৰোৱা নাই নাওবৈচা সমষ্টিও ৷ অগপ আৰু বিজেপি দলৰ মাজত সমষ্টি ভাগ-বতৰাক কেন্দ্ৰ কৰি ব্যাপক মতানৈক্য সৃষ্টি হৈছে নাওবৈচা সমষ্টিত ৷ বুধবাৰে সন্ধিয়া বিজেপি কৰ্মীয়ে দলীয় কাৰ্যালয়ৰ সন্মুখতে সাব্যস্ত কৰে প্ৰতিবাদ ৷

সমষ্টি ভাগ বতৰাকলৈ প্ৰতিবাদ নাওবৈচাত

উল্লেখ্য যে, অগপ আৰু বিজেপিয়ে আসন বুজাবুজিৰে নাওবৈচা সমষ্টি অগপ দলক এৰি দিছে ৷ উক্ত খবৰ লাভ কৰাৰ পিছতে ক্ষোভিত হৈ পৰে সমষ্টিটোৰ বিজেপিৰ দুই মণ্ডল সমিতি, যুৱ মৰ্চা, মহিলা মৰ্চা তথা বিভিন্ন জনজাতীয় মৰ্চাৰ বিষয়ববীয়া ৷ যাৰ ফলশ্ৰুতিত সন্ধিয়া সমষ্টিটোৰ লালুকৰ কৰুণাবাৰী মণ্ডল বিজেপিৰ কাৰ্যালয়ত আয়োজিত অনানুষ্ঠানিক আলোচনাৰ অন্তত কাৰ্যালয়ৰ সন্মুখতে বিজেপি কৰ্মীসকল বহিল প্ৰতিবাদত ৷ নাওবৈচা আৰু কৰুণাবাৰী মণ্ডলৰ শতাধিক বিজেপি কৰ্মীয়ে অগপৰ লগত আসন বুজাবুজি নাওবৈচাত মানি লোৱা নহ’ব, নাওবৈচা সমষ্টি বিজেপিক লাগিবই আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

বিজেপিৰ কৰ্মকৰ্তাসকলে বিগত ২০১৬ চনৰ নিৰ্বাচনত মাত্ৰ বাৰশ ভোটৰ ব্যৱধানত বিজেপি দল প্ৰাৰ্থীগৰাকী পৰাজিত হয় ৷ এইবাৰ সমষ্টিটোত বিজেপি দলৰ সাংগঠনিক ভেঁটি অধিক শক্তিশালী হোৱাৰ পিছতো কি কাৰণত বিজেপি দলৰ প্ৰাৰ্থী নিদিলে বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । সেয়ে বিজেপি দলৰ শীর্ষ নেতৃত্বক পুনৰবাৰ বিবেচনা কৰি নাওবৈচাত বিজেপিৰ প্ৰাৰ্থী দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদী ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মীসকলে ৷

লগতে পঢ়কঃকংগ্ৰেছে চাহ শ্ৰমিকক ভোটৰ বেংক হিচাপে ব্যৱহাৰ কৰিছিল : সঞ্জয় কিষাণ

ABOUT THE AUTHOR

...view details