অসম

assam

By

Published : Feb 24, 2022, 2:20 PM IST

Updated : Feb 24, 2022, 2:36 PM IST

ETV Bharat / state

Municipal Election 2022 : 90 শতাংশ পৌৰসভা বিজেপিয়ে দখল কৰাৰ দাবী বিধায়ক মানৱ ডেকাৰ

6 মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যৰ পৌৰসভাৰ নিৰ্বাচন (Municipal Election 2022) ৷ ইতিমধ্যে বহুকেইখন জিলাৰ পৌৰসভাৰ অন্তৰ্গত কেতবোৰ আসন বিনা প্ৰতিদ্বন্দ্বিতাৰে দখল কৰিছে গেৰুৱা দল বিজেপিয়ে ৷ নিৰ্বাচনৰ পূৰ্বে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সমালোচনা (MLA Manav Deka criticize Bhupen Bora) কৰা পৰিলক্ষিত হৈছে ৷

Municipal Election 2022
6 মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যৰ পৌৰসভাৰ নিৰ্বাচন

লখিমপুৰ, 24 ফেব্ৰুৱাৰী : ৰাজ্যত সমাগত পৌৰ নিৰ্বাচন ৷ নিৰ্বাচন বুলিলে কথাই নাই, কি শাসক, কি বিৰোধী ৷ গাত ততেই নোহাৱা হয় ৰাজনৈতিক নেতা-কৰ্মীৰ ৷ সম্প্ৰতি নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ৷ নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰাৰ পিছত 6 মাৰ্চত অনুষ্ঠিত হ’ব ৰাজ্যৰ পৌৰসভাৰ নিৰ্বাচন ৷ ইতিমধ্যে বহুকেইখন জিলাৰ পৌৰসভাৰ অন্তৰ্গত কেতবোৰ আসন বিনা প্ৰতিদ্বন্দ্বিতাৰে দখল কৰিছে গেৰুৱা দল বিজেপিয়ে ৷ তাৰ মাজতে কোনো কোনো ৰাজনৈতিক নেতাৰ মন্তব্যই তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত ৷

শেহতীয়াকৈ লখিমপুৰৰ বিধায়ক মানৱ ডেকাই কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সমালোচনা কৰা পৰিলক্ষিত হৈছে ৷ বিৰোধী দলপতিগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰা বিধায়ক ডেকাই সংবাদ মাধ্যমক সম্বোধন কৰি কয় যে, এতিয়া আৰু লখিমপুৰ ভূপেন বৰাৰ গৃহ জিলা হৈ থকা নাই ৷ এয়া কেৱল মাত্ৰ জন্মস্থানলৈহে পৰিণত হৈছে ৷ কিয়নো বিৰোধী দলপতিগৰাকীয়ে কৰা কামসমূহে যেন সেয়াকে প্ৰমাণিত কৰিছে বুলি বিধায়কগৰাকীয়ে কয় ৷

বিৰোধী দলপতি ভূপেন বৰাক সমালোচনা

উল্লেখ্য যে, বিগত সময়ত দৰং জিলাৰ ছিপাঝাৰৰ সমীপৰ গৰুখুঁটিত হোৱা উচ্ছেদৰ সময়তে দখলকাৰীসকলৰ হকে মাত মাতিছিল ভূপেন বৰাই ৷ আনকি চোলাৰ বুটাম পৰ্যন্ত ফালি এই উচ্ছেদৰ বিৰোধিতা কৰিছিল ৷ যি কাৰ্যই তেওঁৰ মনোভাৱ স্পষ্টকৈ প্ৰকাশ কৰিছিল ৷ ৰাজ্যৰ পৌৰ নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এইদৰে আক্ৰমণ কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ৷

লগতে চাওক:নিৰ্বাচনী প্ৰচাৰৰ বাবে নিৰ্বাচন আয়োগৰ নতুন নিৰ্দেশনা

ইয়াৰোপৰি ৰাজ্যৰ 90 শতাংশ পৌৰসভা, নগৰ সমিতিৰ আসন বিজেপিয়ে দখল কৰিব বুলি মন্তব্য কৰি বিধায়ক ডেকাই কয় যে, উজনি অসমত কংগ্ৰেছ জয়ী হোৱাৰ কোনো পৰিৱেশ নাই ৷ ভৱিষ্যতে গোৱালপাৰা, বৰপেটা, ধুবুৰী আদিত যদি কংগ্ৰেছ দল জয়ী হয়, তেন্তে সেয়া তেওঁৰ অজ্ঞাত বুলিও প্ৰকাশ কৰে বিধায়ক গৰাকীয়ে ৷

পৌৰসভাৰ নিৰ্বাচন সন্দৰ্ভত বিধায়ক মানৱ ডেকাৰ মন্তব্য

তদুপৰি লখিমপুৰৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি বিধায়কগৰাকীয়ে কয় যে, বিগত ৯ মাহত জিলাখনত ৮৭ টা পথ পকীকৰণ কৰা, ২০ টা পথৰ মেৰামতিৰ কাম অব্যাহত থকা, ২৭ টা নলা-নৰ্দমাৰ কাম চলি থকা, জিলাখনৰ সৌন্দর্যবৰ্ধনৰ বাবে কৰা কাম আদিয়ে নাগৰিকক সন্তুষ্টি প্ৰদান কৰিছে ৷ যাৰ বাবে সমাগত পৌৰ নিৰ্বাচনত বিজেপি দলে আশাতীতভাৱে সফলতা লাভ কৰিব ৷ এইবুলি পৌৰসভাৰ নিৰ্বাচন সন্দৰ্ভত মন্তব্য কৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই ৷

লগতে চাওক:ৰাষ্ট্ৰপতিক আপ্যায়ণৰ দায়িত্ব পাঁচ মন্ত্ৰীক

Last Updated : Feb 24, 2022, 2:36 PM IST

ABOUT THE AUTHOR

...view details