অসম

assam

ETV Bharat / state

লখিমপুৰত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক চামচুল হুছেইন ওৰফে ৰাজাক আটক - লখিমপুৰ জিলাৰ সংখ্যালঘু উন্নয়ন বোর্ডৰ অধ্যক্ষ

ঠিকা ঠুকলি দিয়াৰ নামত ধন বিচাৰি কেইদিনমানৰ পূৰ্বে আৰক্ষীৰ জালত পৰিছিল বিজেপিৰ লখিমপুৰ জিলাৰ সংখ্যালঘু উন্নয়ন বোর্ডৰ অধ্যক্ষ কেৰামত আলি । এই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই শুকুৰবাৰৰ নিশা লখিমপুৰৰ আৰক্ষীয়ে পুনৰ আন এজন বিজেপিৰ সংখ্যা লঘুমৰ্চাৰ নেতাক আটক কৰে । চাকৰিৰ মুকলি বজাৰ পতাৰ অভিযোগত আটক কৰা হয় চামচুল হুছেইন ওৰফে ৰাজাক (Lakhimpur BJP Leader Arrested)।

BJP Leader Arrested For Extortion bid
লখিমপুৰত বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক চামচুল হুছেইন ওৰফে ৰাজাক আটক

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 1:30 PM IST

লখিমপুৰ, ১৬ ডিচেম্বৰ: লখিমপুৰ বিজেপিত শনি লাগিছে । ঠিকা দিয়াৰ নামত ধন বিচাৰি কেইদিনমান পূৰ্বে বিজেপিৰ এজন নেতা ৰঙাঘৰৰ আলহী হোৱাৰ পাচতেই এইবাৰ পুনৰ আৰক্ষীৰ জালত পৰিল আন এজন বিজেপি নেতা ৷ আটকাধীন বিজেপি নেতাগৰাকী লখিমপুৰ জিলাৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক চামচুল হুছেইন ওৰফে ৰাজা ৷ চাকৰি দিয়াৰ নামত ধন বিচাৰি আটক হ’ল সংখ্যালঘু মৰ্চাৰ নেতাগৰাকী ৷

লখিমপুৰ বিজেপিৰ সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক চামচুল হুছেইন ওৰফে ৰাজাক

ঠিকা-ঠুকলি দিয়াৰ নামত ধন লোৱাৰ অভিযোগত ১৪ নৱেম্বৰত গ্ৰেপ্তাৰ হৈছিল বিজেপিৰ সংখ্যালঘু উন্নয়ন মৰ্চাৰ লখিমপুৰ জিলাৰ অধ্যক্ষ কেৰামত আলী । লখিমপুৰৰ বিধায়ক মানৱ ডেকাৰ ঘনিষ্ঠ বুলি পৰিচিত কেৰামত আলীক বিভিন্নজনৰ অভিযোগ আৰু বিধায়কৰ নিৰ্দেশত লখিমপুৰ সদৰ থানাৰ আৰক্ষীয়ে আটক কৰে ৷ এই ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওতেই বৃহস্পতিবাৰে নিশা পুনৰ আৰক্ষীয়ে আটক কৰে আন এজন বিজেপিৰ সংখ্যালঘু মৰ্চাৰ নেতা চামচুল হুছেইন ওৰফে ৰাজাক ।

লখিমপুৰ বিজেপিৰ কাৰ্যালয়

চাকৰিৰ মুকলি বজাৰ পতাৰ অভিযোগত লখিমপুৰৰ আৰক্ষীয়ে আটক কৰে বিজেপি নেতাজনক । অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ নামত বজাৰ পতাৰ অভিযোগ উঠিছে তেওঁৰ বিৰুদ্ধে । অভিযোগ অনুসৰি চামচুল হুছেইন ওৰফে ৰাজাই তৃতীয় বৰ্গৰ চাকৰিৰ নামত ৫ লাখ আৰু চতুৰ্থ বৰ্গৰ চাকৰি নামত ৩ লাখ টকা দাবী কৰিছিল ৷ বিজেপি নেতাজনৰ ধন দাবীৰ ফোন ৰেকৰ্ডিং লাভ কৰি ক্ষুদ্ধ হৈ পৰে বিধায়ক মানৱ ডেকা । ইয়াৰ পাচতেই শীঘ্ৰেই আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ বাবে বিধায়কজনে নিৰ্দেশ দিয়ে বুলি জানিব পৰা গৈছে ।

লখিমপুৰ বিজেপিৰ কাৰ্যালয়

সম্প্রতি সদৰ থানাত ৰখা হৈছে চামচুল হুছেইন ওৰফে ৰাজাক ৷ মাথো কেইদিনমানৰ ব্যৱধানত লখিমপুৰত এনেদৰে দুৰ্নীতিৰ অভিযোগত বিজেপি দলৰ দুজনকৈ সংখ্যালঘু মৰ্চাৰ নেতা আৰক্ষীৰ জালত পৰা ঘটনাই তুমুল চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:Lakhimpur BJP Leader Arrest : তিনিদিনৰ আৰক্ষী জিম্মাত লখিমপুৰৰ বিজেপি নেতা কেৰামত আলী

ABOUT THE AUTHOR

...view details