লখিমপুৰ, ১৪ নবেম্বৰ:লখিমপুৰত গ্ৰেপ্তাৰ হ’ল বিজেপি নেতা কেৰামত আলী । লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ ঘনিষ্ঠ ৰূপে পৰিচিত বিজেপিৰ লখিমপুৰ জিলা সংখ্যালঘু উন্নয়ন ব’র্ডৰ অধ্যক্ষ কেৰামত আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । সম্প্ৰতি তেওঁক সদৰ থানাত আৰক্ষীয়ে সোধা-পোছা কৰি আছে ।
যোৱা নিশা সদৰ থানাৰ আৰক্ষীয়ে আটক কৰে কেৰামত আলীক । বিজেপিৰ লখিমপুৰ জিলা সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ ৰূপে নিয়োজিত হৈ আছিল কেৰামত আলী । নিশা লখিমপুৰ আৰক্ষীয়ে আটক কৰিলে নেতাজনক । লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাৰ ঘনিষ্ঠ বুলি পৰিচিত তেওঁ ।
পিছে ঠিকা-ঠুকলি, বিভিন্ন আঁচনিৰ কাম দিয়াৰ নামত বিভিন্নজনৰ পৰা ধন লোৱাৰ অভিযোগ উঠে কেৰামত আলীৰ বিৰুদ্ধে । বিধায়ক, সাংসদৰ নামতো বিভিন্নজনৰ পৰা বিভিন্ন অচিলাৰে ধন সংগ্রহ কৰাৰ অভিযোগ উঠে কেৰামতৰ বিৰুদ্ধে । এনে অভিযোগ পাই ক্ষুণ্ণ হৈ পৰে লখিমপুৰৰ বিধায়ক মানৱ ডেকা ।