বিহপুৰীয়া, 3 অক্টোবৰ :সোমবাৰে লখিমপুৰ জিলাৰ বিহপুৰীয়াত বিশিষ্ট মুক্তিযোদ্ধা প্ৰয়াত হৰিচন্দ্ৰ বৰুৱাৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰে ৷ ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত লখিমপুৰ, বিহপুৰীয়া আৰু নাৰায়ণপুৰ মুক্তিযুঁজাৰু সন্মিলনৰ সৌজন্যত আৰু বৃহত্তৰ বিহপুৰীয়াবাসীৰ সহযোগত পালন কৰা হয় মুক্তিযোদ্ধা হৰিচন্দ্ৰ বৰুৱাৰ জন্ম শতবাৰ্ষিকী ৷
বিহপুৰীয়া বদতি জামুগুৰিস্থিত হৰিচন্দ্ৰ বৰুৱাৰ নিজা বাসগৃহত সোমবাৰে পালন কৰা হয় এই জন্ম শতবাৰ্ষিকী ৷ পুৱা গছপুলি ৰোপণ, গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, পতাকা উত্তোলন, হৰিচন্দ্ৰ বৰুৱাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আদি কাৰ্যসূচী সম্পন্ন হয় ৷
অনুষ্ঠানত মৃদুস্মিতা বৰা বৰুৱাৰ সম্পাদিত স্বাধীনতা সংগ্ৰামী হৰিচন্দ্ৰ বৰুৱা জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ্য স্মৃতিগ্ৰন্থ “বৰেণ্য’’ উন্মোচন কৰে প্ৰাক্তন শিক্ষা মন্ত্ৰী প্ৰেমধৰ বৰাই ৷ স্মৃতিগ্ৰন্থ উন্মোচনৰ পিচতে মুকলি সভা আৰম্ভ হয় ৷ অসমী মহিলা সমিতিৰ শিল্পীসকলে পৰিৱেশন কৰা এটি সমবেত সংগীতেৰে শুভাৰম্ভ কৰা সভাখনি মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড° গৌতম কাকতিয়ে উদ্বোধন কৰে ৷