অসম

assam

ETV Bharat / state

লখিমপুৰত শতজান পক্ষী মহোৎসৱ - সমগ্ৰ বিশ্ব

প্ৰকৃতি সুৰক্ষা আৰু প্ৰকৃতি ভাৰসাম্য ৰক্ষাৰ লগতে মানৱ সমাজৰ ভৱিষ্যত সুৰক্ষাৰ বাবে সমগ্ৰ বিশ্বই বছৰত ৭ দিন লকডাউন পালন কৰাৰ অত্যন্ত প্ৰয়োজন : যাদৱ পায়েং ৷

লখিমপুৰত শতজান পক্ষী মহোৎসৱ
লখিমপুৰত শতজান পক্ষী মহোৎসৱ

By

Published : Jan 10, 2021, 8:40 PM IST

নাওবৈচা,১০জানুৱাৰী :লখিমপুৰ জিলাৰ অন্যতম বৃহৎ ৰঙানদীৰ সমীপত ১২২ বিঘা ভূমিৰে আবৃত শতজান জলাশয়ক বিশ্বৰ দৰৱাৰত দাঙি ধৰাৰ লগতে উঠি অহা প্ৰজন্মৰ মাজত সজাগতা অনাৰ লক্ষ্যৰে জিলা প্ৰশাসনে পোন প্ৰথম বাৰৰ বাবে আয়োজন কৰা সতজান পক্ষী মহোৎসৱত অংশ গ্ৰহণ কৰি বিশিষ্ঠ প্ৰকৃতিবিদ তথা অৰণ্য মানৱ যাদৱ পায়েঙে যুগ যুগ ধৰি মানৱ জাতিক ৰক্ষণাবেক্ষণ দি অহা জলাশয়সমূহ সংৰক্ষণ কৰাৰ বাবে আহ্বান জনায়।

লখিমপুৰত শতজান পক্ষী মহোৎসৱ

লখিমপুৰৰ গৌৰৱ তথা দেশী-বিদেশী আলহী পক্ষীৰ নিৰাপদ আশ্ৰয়স্থলী শতজান জলাশয়ৰ চাৰিওফালে পক্ষীয়ে খাব পৰা গুটি থকা গছপুলি ৰোপণ কৰাৰ আহ্বান প্ৰকৃতিবিদগৰাকীৰ। আনহাতে শতজান জলাশয়ৰ পাৰত বিজ্ঞানসন্মত ভাৱে গছপুলি ৰোপণ কৰি পৰ্যটনস্থলী হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰক আগ ভাগ ল’বলৈ তেওঁ আহ্বান জনায়। প্ৰকৃতি সুৰক্ষা আৰু প্ৰকৃতি ভাৰসাম্য ৰক্ষাৰ লগতে মানৱ সমাজৰ ভৱিষ্যত সুৰক্ষাৰ বাবে সমগ্ৰ বিশ্বই বছৰত ৭দিন লকডাউন পালন কৰাৰ অত্যন্ত প্ৰয়োজন । এই আহ্বান যাদৱ পায়েঙৰ। ইফালে শতজান পক্ষী মহোৎসৱৰ লগত সংগতি ৰাখি ছাত্র-ছাত্ৰী মাজত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু সজাগতা অনাৰ লক্ষ্যৰে চাইকেল ৰেলি বাহিৰ কৰে।

লগতে পঢ়ক:মহানগৰীত চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি

ABOUT THE AUTHOR

...view details