লখিমপুৰ, 7 নৱেম্বৰ :লখিমপুৰ নগৰৰ ৬ নং ৱাৰ্ডস্থিত চি কে এছ’চিয়েট নামৰ কোম্পানীটোত শনিবাৰে বিয়লি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । বিগত এবছৰ ধৰি বাণিজ্যিক অনুজ্ঞাপত্ৰ নোহোৱাকৈ প্ৰতিষ্ঠানটো চলাই থকাৰ লগতে ম্যাদ ওকলা শিশু খাদ্যৰ পেকেট গুদামত জমা কৰি বিক্ৰী কৰাৰ অভিযোগ তুলি প্ৰতিষ্ঠানটোৰ বাহিৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বীৰ লাচিত সেনাৰ লখিমপুৰ জিলা সমিতিয়ে ৷
বীৰ লাচিত সেনাৰ সদস্যসকলে তলা লগাই দিয়ে কোম্পানীটোৰ কাৰ্যালয়ত । লাচিত সেনাৰ সদস্যসকলে কাৰ্যালয়টোত এনে বিসংগতি প্ৰত্যক্ষ কৰি লখিমপুৰ জিলা পৌৰসভাৰ বিষয়া, আৰক্ষী, খাদ্য পৰিদর্শক আদিক অৱগত কৰাৰ উপৰি তদন্ত নোহোৱা পৰ্যন্ত কাৰ্যালয়টো খুলিব নোৱাৰাৰ হুংকাৰ দিয়ে ।