অসম

assam

ETV Bharat / state

বিহপুৰীয়াত ডিক্ৰং আৰু সোৱনশিৰি নদীৰ ভয়াবহ খহনীয়া - জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত

ডিক্ৰং আৰু সোৱণশিৰী নদীৰ ভয়াৱহ খহনীয়া অব্যাহত আছে বিহপুৰীয়াত বিস্তৰ ক্ষতি সাধন কৰিছে স্থানীয় ৰাইজৰ ৷ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আৰু স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাক বিৰুদ্ধে ক্ষোভ প্ৰকাশ স্থানীয় ৰাইজৰ ৷

bihpuriya river landside  suwansiri dikraong
বিহপুৰীয়াত ডিক্ৰং আৰু সোৱনশিৰি নদীৰ ভয়াবহ খহনীয়া

By

Published : May 27, 2020, 7:45 PM IST

বিহপুৰীয়া,27মেঃ বিহপুৰীয়াৰ বিভিন্ন প্ৰান্তত ডিক্ৰং আৰু সোৱণশিৰী নদীৰ ভয়াৱহ খহনীয়া অব্যাহত আছে ৷ শেহতীয়াকৈ নদী দুখনৰ খহনীয়াত জাহ গৈছে হেজাৰ হেজাৰ বিঘা কৃষি ভূমি,গৃহহীন হৈছে কুৰিটাৰো অধিক পৰিয়াল ৷ ৰাজ্যৰ জলসম্পদ বিভাগৰ চৰম অকৰ্মণ্যতাৰ বাবেই এতিয়া আপোন মাটি ভেটি এৰি নিৰাপদ দূৰলৈ ঢাপলি মেলিছে খহনীয়াগ্ৰস্ত সকল ৷

বিহপুৰীয়াত ডিক্ৰং আৰু সোৱনশিৰি নদীৰ ভয়াবহ খহনীয়া

বিহপুৰীয়াৰ দক্ষিণ প্ৰান্তৰ বটুমচুক গাৱঁত সোৱণশিৰিৰ খহনীয়াৰ কবলত পৰি ৰামাও পেগু,কোলোক পেগু, ৰমাকান্ত পেগু,মলয়া পেগু,কৃষ্ণকান্ত পেগু,পানৈ পেগু,ভোগেশ্বৰ পেগু,বিদ্যেশ্বৰ পেগু,অচিন পেগু,চবিকান্ত পাঠৰী আৰু নিৰন পেগুসহ এ‘ঘাৰটা পৰিয়ালে বাসগৃহ স্থানান্তৰ কৰিছে ৷ বিগত বৰ্ষতে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই স্থানীয় বিধায়ক দেবানন্দ হাজৰিকাক লগত লৈ অঞ্চলতো পৰিদৰ্শন কৰি খহনীয়া ৰোধৰ প্ৰতিশ্ৰুতি দিছিল যদিও সকলো ফুটুকাৰ ফেনত পৰিণত হ’ল ৷ সম্প্ৰতি চৰকাৰ জনপ্ৰতিনিধি তথা জলসম্পদ বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ ৷

লগতে পঢ়কঃ ধিঙত ৩ গৰাকী ব্যক্তিৰ দেহত কৰ'ণা ভাইৰাছ

ABOUT THE AUTHOR

...view details