অসম

assam

ETV Bharat / state

টোকোৰা চৰাইৰ বাহৰ আৰ্হিত ভেলাঘৰ - LAKHIMPUR PATHALI PAHAR ASSAM

ক্ৰমান্বয়ে বিলুপ্তিৰ পথলৈ গতি কৰা টোকোৰা চৰাইৰ বাহৰ আৰ্হিত এজোপা বৰগছত সৰু বৰ কেইবাটাও ভেলাঘৰ সাজি উলিয়াইছে ৷ লগতে বিগত বৰ্ষ কেইটাৰ দৰে পেলনীয়া সামগ্ৰীৰে প্ৰায় ৫০ টা সৰু বৰ মেজ্বি নিৰ্মাণ কৰিছে ৷

টোকোৰা চৰাইৰ বাহৰ আৰ্হিত ভেলাঘৰ
টোকোৰা চৰাইৰ বাহৰ আৰ্হিত ভেলাঘৰ

By

Published : Jan 13, 2020, 3:30 PM IST

বিহপুৰীয়া,13 জানুৱাৰীঃহেৰাই যাবলৈ ধৰা এবিধ আপুৰুগীয়া পক্ষী ৷ এসময়ত গ্ৰাম্য সমাজত প্ৰতিঘৰৰ পদূলিৰ সন্মুখত বা বাৰীৰ পিচফালে দেখিবলৈ পোৱা টোকোৰা চৰাই আৰু টোকোৰা চৰাইয়ে সজা বাহ দেখা সাধাৰণ কথা আছিল, কিন্তু সম্প্ৰতি টোকোৰা চৰাই দেখিবলৈ পোৱাটো দুৰূহ হৈ পৰিছে ৷ এই হেৰাই যাবলৈ ধৰা বিলুপ্তপ্ৰায় টোকোৰা চৰাইক চিনাকী কৰি দিবলৈ লখিমপুৰৰ বিহপুৰীয়াৰ একাংশ লোকে লোৱা প্ৰচেষ্টাক প্ৰশংসা কৰিছে সকলোৱে ৷ মাঘ বিহুত প্ৰাচীন কীৰ্তি চিহ্নৰে নহয়,টোকোৰা চৰাইৰ বাহেৰে এক নতুন পদক্ষেপ গ্ৰহণ কৰিছে পথালি পাহাৰৰ পিঠাগুৰীয়াবাসীয়ে ৷

বৰগছত টোকোৰা চৰাইৰ বাহৰ আৰ্হিত সজা ভোলাঘৰ

কা বিৰুধী আন্দোলৰ মাজতে অসমীয়া জাতিৰ স্পন্দন ভোগালী বিহুৰ উদযাপনৰ বাবে সাজু হৈছে ৰাজ্যবাসী ৷ পথালি পাহাৰৰ পিঠাগুৰীয়াবাসীও বিহুটিক আদৰিবলৈ সাজু হৈছে ৷ বিগত সাতটা বছৰৰ দৰে এইবাৰো ব্যতিক্ৰমী ৰূপৰে স্থানীয় লোহিত পাঠৰিৰ নেতৃত্বত গাওঁবাসীয়ে ভেলাঘৰ নিৰ্মাণ কৰি উলিয়াইছে ৷

টোকোৰা চৰাইৰ বাহৰ আৰ্হিত এজোপা বৰগছত সৰু বৰ কেইবাটাও ভেলাঘৰ

ক্ৰমান্বয়ে বিলুপ্তিৰ পথলৈ গতি কৰা টোকোৰা চৰাইৰ বাহৰ আৰ্হিত তেওঁলোকে এজোপা বৰগছত সৰু বৰ কেইবাটাও ভেলাঘৰ সাজি উলিয়াইছে ৷ লগতে বিগত বৰ্ষ কেইটাৰ দৰে পেলনীয়া সামগ্ৰীৰে প্ৰায় ৫০ টা সৰু বৰ মেজ্বি ইতিমধ্যে সাজি উলিয়াইছে ৷ ব্যতিক্ৰমী চিন্তাধাৰাৰে প্ৰদূষণৰ বাবে পৰিৱেশৰ পৰা চৰাই-চিৰিকটি হেৰাই যোৱা ছবিখন নৱ প্ৰজন্মক দেখুৱাবলৈ পিঠাগুৰিয়াবাসীয়ে গ্ৰহণ কৰা এই পদক্ষেপক সকলোৱে শলাগ লৈছে ৷

হেৰাই যাবলৈ ধৰা টোকোৰা চৰাইৰ বাহৰ আৰ্হি

লগতে চাওকঃ নেহেৰুৱালীত ১০৭ বছৰীয়া নগাঁও ভোগালী উৎসৱ

ABOUT THE AUTHOR

...view details