বিহপুৰীয়া,৮ জুলাই: মোৰ দুটা ল'ৰা হেৰাই গ'ল ! মাতৃৰ বুকু শুদা হৈ ৰ'ল ! মই কেনেকৈ জীয়াই থাকিম ? ২০২২ চনৰ ৮ জুলাই, বৰযাত্ৰী হৈ যোৱা ল'ৰাজন ঘূৰি নাহিল । ভাতৃক বিচাৰি গৈ ঘূৰি নাহিল ককায়েক । দুটিকৈ সন্তানক হেৰুওৱা দুৰ্ভগীয়া পিতৃ-মাতৃৰ সাৰথি হৈ ৰ'ল দুখন ফ্ৰেমিং ফটো । দিনৰ পিচত মাহ, মাহৰ পিচত বছৰ, ফটো দুখনক সাৱটি চকুলো নিগৰোৱাৰ বাদে গত্যান্তৰ নাই তেওঁলোকৰ ৷ কাৰণ, চিত্ত আৰু হৃদয় নোহোৱা হোৱা বহু মাহ হ'ল ৷ চিত্তৰঞ্জন নোহোৱা হোৱা ঘটনাই আজি এবছৰত ভৰি দিলে ৷ হৃদয়বিদাৰক ঘটনাটো নাৰায়ণপুৰৰ।
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ বিজ্ঞান শাখাৰ ছাত্ৰ চিত্তৰঞ্জন দত্ত ২০২২ চনৰ ৮ জুলাইত বৰযাত্ৰী হৈ এখন বিয়ালৈ যোৱাৰ পাছতেই হৈ পৰিছিল সন্ধানহীন ৷ ভায়েক চিত্তক বিচাৰি চলাথ কৰিছিল ককায়েক হৃদয়ৰঞ্জনৰ লগতে পিতৃ প্ৰফুল্ল দত্ত আৰু মাতৃ মৌচুমী হাজৰিকা দত্তৰ উপৰিও আত্মীয়ই ৷ কিন্তু কোনো শুংসূত্ৰ নাপালে ৷ এনেদৰেই দিন বাগৰিল । তাৰমাজতে সেই বছৰৰে ২৭ ছেপ্টেম্বৰত ককায়েক হৃদয়ৰঞ্জন দত্তয়ো মৃত্যুক সাৱটি ল'লে এক পথ দুৰ্ঘটনাত । দুয়োটা সন্তান নোহোৱা হোৱাত বুকু উকা হৈ গ'ল দুৰ্ভগীয়া পিতৃ-মাতৃৰ ৷ কিন্তু চিত্তৰঞ্জন সন্ধানহীন হোৱা ঘটনাটো ৰহস্য হৈয়েই থাকি ৰ'ল ৷