বিহপুৰীয়া, 20 নৱেম্বৰ :লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পথালিপাহাৰ গাঁৱত ধুমুহাত বিস্তৰ ক্ষতিসাধন হোৱাৰ তিনিদিনৰ পাছতো খবৰ ল'বলৈ আহৰি নহ'ল স্থানীয় জনপ্ৰতিনিধিৰ ৷ পথালিপাহাৰ গাঁৱত সংঘটিত হোৱা বিধ্বংসী ধুমুহাত ক্ষতিসাধন হৈছিল গাঁওখনৰ বহু কেইটা বাসগৃহৰ লগতে অন্যান্য সা-সম্পত্তি ৷ আজিকোপতি দুৰ্ভগীয়া লোকসকলৰ প্ৰতি চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷
বিহপুৰীয়াত ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজৰ খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ - অচ্যুত শইকীয়া
পথালিপাহাৰ গাঁৱত সংঘটিত হোৱা বিধ্বংসী ধুমুহাত ক্ষতিসাধন হৈছিল গাঁওখনৰ বহু কেইটা বাসগৃহৰ লগতে অন্যান্য সা-সম্পত্তি ৷ আজিকোপতি দুৰ্ভগীয়া লোকসকলৰ প্ৰতি চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে ৷
![বিহপুৰীয়াত ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজৰ খবৰ ল'বলৈ আহৰি নাই জনপ্ৰতিনিধিৰ bihpuria-strom](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9604011-thumbnail-3x2-bihpuria.jpg)
বিহপুৰীয়াত ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজৰ খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ
বিহপুৰীয়াত ধুমুহাত ক্ষতিগ্ৰস্ত ৰাইজৰ খবৰ লবলৈ আহৰি নাই জনপ্ৰতিনিধিৰ
শুকুৰবাৰে ধুমুহাত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল সমূহৰ খবৰ ল'বলৈ উপস্থিত হয় অসম জাতীয় পৰিষদৰ ৰাজ্যিক আহ্বায়ক অচ্যুত শইকীয়া ৷ তেখেতে ধুমুহাই ক্ষতি কৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি স্থানীয় জনপ্ৰতিনিধিয়ে বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আক্ষেপ প্ৰকাশ কৰে ৷
লগতে পঢ়ক: পাটবাউসী সত্ৰৰ ভকত সকলৰ মাজত আয়ুৰ্বেদিক ঔষধ বিতৰণ