অসম

assam

ETV Bharat / state

সমষ্টিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিধায়ক অমিয় কুমাৰ ভূঞাই আগবঢ়াব বিশেষ বঁটা - বিহপুৰীয়া সমষ্টি

এক সংবাদমেল(Press meet)যোগে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰ প্ৰতিটো দিনৰ তথ্য ভিত্তিক খতিয়ান(work report as MLA) দাঙি ধৰে বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞাই ৷ প্ৰতিবছৰে সমষ্টিৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে ভাল ফলাফল কঢ়িয়াই আনে তাৰ বাবে তেওঁ শৈক্ষিক উত্তৰণ বঁটা(Saikkhik uttaran award) প্ৰদান কৰাৰো ঘোষণা কৰে বিধায়ক গৰাকীয়ে ৷

bihpuria-mla-amiya-bhuyan-announced-special-award-for-students-in-his-constituency
সমষ্টিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিধায়ক অমিয় কুমাৰ ভূঞাই আগবঢ়াব বিশেষ বঁটা

By

Published : Aug 3, 2021, 5:25 PM IST

বিহপুৰীয়া, 3 আগষ্ট : শেহতীয়াকৈ, বিহপুৰীয়া সমষ্টিৰ বিধায়ক ড° অমিয় কুমাৰ ভূঞা(Bihpuria MLA Amiyo Kumar Bhuyan)ই বিধায়ক হিচাপে নিজৰ তিনিমহীয়া কাৰ্যকালৰ খতিয়ান দাঙি ধৰিছে । বিধায়কগৰাকীৰ বাসগৃহৰ সভাকক্ষত আয়োজন কৰা এক সংবাদমেল(Press meet)যোগে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰ প্ৰতিটো দিনৰ তথ্য ভিত্তিক খতিয়ান(work report as MLA) দাঙি ধৰে ভূঞাই । সংবাদমেলত বিধায়কগৰাকীয়ে ঘোষণা কৰে যে, প্ৰতিবছৰে সমষ্টিৰ ছাত্ৰ-ছাত্ৰীসকলে যাতে ভাল ফলাফল কঢ়িয়াই আনে তাৰ বাবে তেওঁ শৈক্ষিক উত্তৰণ বঁটা(Saikkhik uttaran award) প্ৰদান কৰিব ৷

সমষ্টিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিধায়ক অমিয় কুমাৰ ভূঞাই আগবঢ়াব বিশেষ বঁটা

এই বঁটাত ক্ৰমে ৫০ হাজাৰ, ২৫ হাজাৰ আৰু ১৫ হাজাৰকৈ নগদ ধন থাকিব বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে ৷ পৰৱৰ্তী সময়ত বিধায়কৰ আসনত নাথাকিলেও আজীৱন এই বঁটা প্ৰদান কৰি যাব বুলিও ঘোষণা কৰে বিধায়ক ভূঞাই ৷ ইয়াৰ লগতে, ইতিমধ্যে ৰূপায়ণ কৰা আঁচনি আৰু আগন্তুক দিনত ৰূপায়ণ হ'ব লগা বিষয় সমূহো সবিস্তাৰে প্ৰকাশ কৰিলে বিধায়কগৰাকীয়ে ।

প্ৰগতিৰ দিশত বিহপুৰীয়া সমষ্টিৰ বৰ্ণিল যাত্ৰা আৰম্ভ হোৱা বুলি দাবী কৰি বিধায়ক গৰাকীয়ে প্ৰতিমাহে সংবাদ মাধ্যমৰ যোগে বিগত কাৰ্যকালৰ খতিয়ান দাঙি ধৰিব বুলিও সদৰি কৰিছে । ইফালে, উক্ত অনুষ্ঠানৰ আৰম্ভণিতে লখিমপুৰ জিলা কংগ্ৰেছৰ সম্পাদক, নাৰায়ণপুৰ নগৰৰ ২ নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ সহিতে অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগ দিয়ে ।

লগতে পঢ়ক :অৰুণাচলক লৈ চীনে দৃষ্টিভংগী সলনি কৰক : নিনং এৰিং

ABOUT THE AUTHOR

...view details