দেউৰীসকলৰ বিহুৰ গাঁঠি দিয়া প্ৰথা - দেউৰী জনগোষ্ঠী
বহাগৰ পহিলা বুধবাৰৰ পৰা আৰম্ভ হোৱা দেউৰীসকলৰ বহাগ বিহু সাতদিন পালন কৰাৰ অন্তত বৃহস্পতিবাৰে বিহুক বছৰটোৰ বাবে বিদায় জনাব ৷ নাৰায়ণপুৰৰ বৰদেউৰী গাঁৱতো উৰুৱাইছে বিহু ৷

নাৰায়ণপুৰ,25এপ্ৰিলঃ ভূমিপুত্ৰ দেউৰীসকলে বৃহস্পতিবাৰে গাঁঠি লগাব বহাগ বিহুক ৷ বহাগৰ পহিলা বুধবাৰৰ পৰা আৰম্ভ হোৱা দেউৰীসকলৰ বহাগ বিহু সাতদিন পালন কৰাৰ অন্তত বৃহস্পতিবাৰে বিহুক বছৰটোৰ বাবে বিদায় জনাব জনগোষ্ঠীটোৱে ৷ বিহুক বিদায় জনাবৰ বাবে দেউৰীসকলে পুৱাৰে পৰা গাঁৱৰ কুন্দিমামা মন্দিৰত পূজা-অৰ্চনা কৰাটো এক পৰম্পৰা ৷ এই পৰম্পৰা অক্ষুন্ন ৰাখি নাৰায়ণপুৰটো সকলো দেউৰীলোকে গাঁৱৰ মন্দিৰত আৰাধ্য দেৱতাৰ ওচৰত সেৱা জনাই বছৰটোৰ বাবে মংগল কামনা কৰে ৷ তাৰ পাচত বৰদেউৰী গাঁৱৰ মুকলি পথাৰত ডেকা-গাভৰু, পুৰুষ-মহিলা সকলোৱে একলগে বিহু মাৰি বিহুৰ গাঁঠি দিয়া অনুষ্ঠান উদযাপন কৰে ৷