বিহপুৰীয়া, ৫ মাৰ্চ: নিৰ্বাচনৰ পূৰ্বে লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিত বিজেপিৰ নেতা-কৰ্মীৰ মাজত প্ৰাৰ্থীত্বকেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে । বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকাক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনাইছে একাংশ বিজেপি কৰ্মীয়ে ৷ শুক্ৰবাৰে সমষ্টিটোৰ নাৰায়ণপুৰস্থিত বিজেপি দলৰ কাৰ্যালয়ত বিজেপিৰ শতাধিক নেতা-কৰ্মী উপস্থিত হৈ বিধায়কগৰাকীক প্ৰাৰ্থীত্ব প্ৰদানৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে ৷
দেৱানন্দ হাজৰিকা জিন্দাবাদ, দেৱানন্দ হাজৰিকাক টিকট দিয়ক আদি শ্ল'গানেৰে কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে । আনহাতে, বৰ্তমানৰ বিধায়কগৰাকী প্ৰাৰ্থীত্ব লাভৰ পৰা বঞ্চিত হ’লে সমষ্টিটোৰ একাধিক পঞ্চায়ত প্ৰতিনিধিৰ লগতে একাংশ দলীয় বিষয়ববীয়াও পদত্যাগ কৰাৰ সম্ভাৱনা আছে ৷