বিহপুৰীয়া, 18 আগষ্ট: আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন । হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ । বাৰ বৈষ্ণৱৰ জন্মভূমি নাৰায়ণপুৰৰ সত্ৰ-নামঘৰসমূহতো আজিৰে পৰা আৰম্ভ হৈছে নাম প্ৰসংগ । মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীতো আজিৰে পৰা আৰম্ভ হৈছে নাম প্ৰসংগ ৷ শাওণৰ সংক্ৰান্তিৰ সন্ধিয়াৰ পৰা প্ৰতিখন সত্ৰত নিজস্ব ৰীতি-নীতি আৰু ঐতিহ্য-পৰম্পৰাৰে সমগ্ৰ ভাদ মাহত পৰিৱেশন কৰা হ’ব শংকৰ-মাধৱ গুৰু দুজনাৰ সৃষ্টিৰাজিৰ শ্ৰৱণ কীৰ্তন ৷
গুৰুদুজনাৰ মণিকাঞ্চন সংযোগৰ স্মৃতি বহনকাৰী নাৰায়ণপুৰৰ ধুৱাহাট বেলগুৰি সত্ৰত(Sri Sri Dhuwahata Belguri Than Satra) সংক্ৰান্তিৰ সন্ধিয়া ভকতসকলে এনেদৰে আৰম্ভ কৰিলে গায়ন-বায়নৰ ধেমালি ৷ ভাদমাহৰ প্ৰতিটো সন্ধিয়া ভকতসকলে সত্ৰৰ কীৰ্তন ঘৰত পৰিৱেশন কৰিব এই ধেমালি ৷ উল্লেখ্য যে, এই ধেমালি একমাত্ৰ ভাদমাহত পৰিৱেশন কৰা হয় ৷ ইয়াৰ মাজতে সত্ৰীয়া পৰম্পৰা অনুসৰি চাৰিদিনীয়াকৈ উদ্যাপন কৰিব শংকৰগুৰু, মাধৱগুৰু আৰু পদ্মআতাৰ তিথি ৷