অসম

assam

বেলগুৰি সত্ৰত গুৰু আসন প্ৰতিষ্ঠা

By

Published : Mar 3, 2021, 1:59 PM IST

কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱ গোস্বামীয়ে গুৰু আসন প্ৰতিষ্ঠা কৰাৰ লগতে সত্ৰাধিকাৰ বাহৰ উদ্বোধন কৰে নাৰায়ণপুৰ চক্ৰ বিষয়াই ৷

বেলগুৰি সত্ৰৰ নৱনিৰ্মিত নামঘৰ আৰু মণিকূট গৃহৰ গুৰু আসন প্ৰতিষ্ঠা
বেলগুৰি সত্ৰৰ নৱনিৰ্মিত নামঘৰ আৰু মণিকূট গৃহৰ গুৰু আসন প্ৰতিষ্ঠা

বিহপুৰীয়া,3 মাৰ্চঃবুধবাৰেশংকৰ আৰু মাধৱদেৱ গুৰু দুজনাৰ মণিকাঞ্চন সংযোগৰ স্মৃতি যুগমীয়া কৰি ৰখা নাৰায়ণপুৰৰ ধুৱাহাট বেলগুৰি সত্ৰৰ নৱনিৰ্মিত নামঘৰ আৰু মণিকূট গৃহৰ গুৰু আসন প্ৰতিষ্ঠাৰ লগতে সত্ৰাধিকাৰ বাহৰ শুভ উদ্বোধন কৰে ৷

বেলগুৰি সত্ৰৰ নৱনিৰ্মিত নামঘৰ আৰু মণিকূট গৃহৰ গুৰু আসন প্ৰতিষ্ঠা

কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱ গোস্বামীয়ে গুৰু আসন প্ৰতিষ্ঠা কৰাৰ লগতে সত্ৰাধিকাৰ বাহৰ উদ্বোধন কৰে নাৰায়ণপুৰ চক্ৰ বিষয়াই ৷ অসম চৰকাৰৰ অসম দৰ্শন আচঁনিৰ অধীনত আৰু মুখ্যমন্ত্ৰী আছুতীয়া পুঁজিৰ দ্বাৰা লাভ কৰা ধনেৰে জৰাজীৰ্ণ অৱস্থা লোৱা সত্ৰখনত উন্নয়ন সম্ভৱ হোৱাত কমলাবৰীয়া সত্ৰৰ সত্ৰাধিকাৰ ভৱকান্ত দেৱ গোস্বামীয়ে চৰকাৰক ধন্যবাদ জনায় ।

লগতে পঢ়কঃ মহাজোঁটে বিটিআৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে: প্ৰমোদ বড়ো

ABOUT THE AUTHOR

...view details