বিহপুৰীয়া, 12 জুন : সংশ্লিষ্ট বিভাগৰ ওপৰত যেন আস্থা হেৰুৱাইছে খহনীয়াগ্ৰস্তই(erosion affected people) ৷ প্ৰতিবাৰেই মন্ত্ৰী আহে, আশ্বাস দিয়ে গৰা খহনীয়া ৰোধৰ ৷ কিন্তু সেই আশ্বাস-সেই প্ৰতিশ্ৰুতি পূৰণ নহয় ৷ সেয়ে নেদেখাজনেই শেষ ভৰষা হৈ পৰিছে এইসকল খহনীয়াগ্ৰস্ত ৰাইজৰ । মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ বিচিৰি নাৰায়ণপুৰৰ বনপুৰৈ-জামুগুৰিত ৰাইজ শৰণাপন্ন হৈছে বাবা ব্ৰহ্মপুত্ৰৰ ৷ ব্ৰহ্মপুত্ৰৰ শ্ৰী চৰণত ভোগ নৈবদ্য আগবঢ়োৱাৰ সমান্তৰালকৈ নদীৰ পাৰত আয়োজন কৰা হৈছে মহাযজ্ঞৰ৷ ভোগ নৈবেদ্য আগবঢ়াই পুৰোহিতে অহৰহ পাঠ কৰিছে মন্ত্ৰ ।
আশ্চৰ্যজনকভাৱে বিহপুৰীয়া সমষ্টিৰ নৱনিৰ্বাচিত বিজেপি বিধায়ক ড৹ অমীয় কুমাৰ ভূঞা(BJP MLA Amiyo Kumar Bhuyan )ৰ উদ্যোগত স্থানীয় ৰাইজে নদীৰ পাৰত গৰাখহনীয়া ৰোধৰ বাবে অনুষ্ঠিত কৰে মহাযজ্ঞৰ ৷ মাথো সন্তুষ্ট হ'ব লাগে বাবা ব্ৰহ্মপুত্ৰ(Brahmaputra) । বিধায়কৰ উদ্যোগত আয়োজিত এই পূজাই উদঙাই দিছে গৰা খহনীয়া প্ৰতিৰোধৰ ক্ষেত্ৰত চৰকাৰৰ ব্যৰ্থতাৰ ছবিখন ।