লখিমপুৰ, ৬ আগষ্ট :লখিমপুৰত ভালুকৰ সাঙীত পৰিণত হ’ল সৌন্দর্য বৰ্ধন আঁচনি । পৌৰসভাৰ দুৰ্বল ভূমিকাই এনে অৱস্থাৰ সৃষ্টি কৰিছে । নগৰৰ মাজত ভেকুলীৰ বাসস্থান অথবা ম’হ-ডাঁহৰ কণী পৰা সুচল ঠাইত পৰিণত হৈছে পানীৰ ফোৱাৰা । বছৰৰ পাচত বছৰ ধৰি অব্যৱহৃত হৈ পৰি ৰোৱা পানীৰ ফোৱাৰাই নগৰখনৰ সৌন্দর্য হানি কৰিছে (Beauty Enhancement Scheme Harms Lakhimpur Beauty) ।
জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু আদালত ভৱনৰ সমীপতে অব্যৱহৃত হৈ পৰি আছে এটা পানীৰ ফোৱাৰা । ২০১১/২০১২ চন মানত ৰাষ্ট্ৰীয় সমবিকাশ যোজনাৰ ৰাহি ৩ লক্ষাধিক টকাৰে এই ফোৱাৰাটো নিৰ্মাণ কৰা হৈছিল । ফোৱাৰাৰ সৌন্দর্যই ৰাইজক দিছিল আনন্দ । বৃদ্ধি হৈছিল নগৰখনৰ সৌন্দর্য । পিছে সেয়া মাত্ৰ খন্তেকীয়াহে আছিল ।
ফোৱাৰাটো সচল হোৱাৰ কিছু দিনৰ পাচতে অচল হৈ পৰে । তেতিয়া বিদ্যুতৰ বিল অনাদায় হৈ ৰোৱাৰ বাবে ফোৱাৰাটোৰ বিজুলী সংযোগ বিচ্ছিন্ন কৰা বুলি চৰ্চা চলিছিল । অচল হৈ পৰা ফোৱাৰা টো সচল কৰিবলৈ লখিমপুৰ পৌৰসভাই এই পৰ্যন্ত উদ্যোগ গ্ৰহণ কৰা নাই ।
বিদ্যুৎ বিভাগক ফোৱাৰাটোৰ বিজুলী সংযোগ দিয়াৰ বাবে পৌৰসভাই ১ লাখ ৯ হাজাৰৰো অধিক টকা দিবলৈ আছে । সামান্য কাৰিকৰী বিজুটি ঘটিলেও ফোৱাৰাটো মেৰামতি কৰিবলৈ পৌৰসভাৰ ধনৰ নহয় সদিচ্ছাৰ অভাৱহে প্ৰকাশ পাইছে । বিদ্যুতৰ বিল আদায় দি ফোৱাৰাটো মেৰামতি কৰি সচল কৰাত পৌৰসভাৰ আগ্ৰহ নাই ।