অসম

assam

ETV Bharat / state

Boginadi Picnic Spot: বগীনদীৰ সেউজ ক্ষেত্ৰখন প্ৰদূষণমুক্ত কৰিবলৈ ব্যতিক্ৰমী পদক্ষেপ তিনিটা সংগঠনৰ

লখিমপুৰ জিলাৰ বগীনদী এলেকাৰ সেউজ ক্ষেত্ৰখন প্ৰদূষণমুক্ত কৰিবলৈ তিনিটাকৈ সংগঠনৰ ব্যতিক্ৰমী পদক্ষেপ । বগীনদী এলেকাত নৈসৰ্গিক পৰিৱেশে বিৰাজ কৰা তথা চয়ল নামে প্ৰখ্যাত এই সেউজক্ষেত্ৰখন প্ৰদূষণমুক্ত কৰি ৰখাৰ উদ্দেশ্যে কলগছ ৰোপণ কৰে সংগঠনকেইটাই (Boginadi Tehsil) ৷

By

Published : Jan 2, 2023, 1:34 PM IST

Banana tree planting to depollute Boginadi Tourist Place by Organizations in Lakhimpur
বগীনদীৰ সেউজ ক্ষেত্ৰত কলগছপুলি ৰোপণ

বগীনদীৰ সেউজ ক্ষেত্ৰত কলগছপুলি ৰোপণ

লখিমপুৰ, ২ জানুৱাৰী: আজি ইংৰাজী নৱবৰ্ষৰ দ্বিতীয়টো দিন (New Year 2023) ৷ ৰাজ্যৰ চৌদিশে বিৰাজ কৰিছে নৱবৰ্ষত আদৰাৰ পাৰভঙা উচাহ উদ্দীপনা ৷ ৰাজ্যৰ বিভিন্ন বনভোজথলীলৈ আগমন ঘটিছে বনভোজকাৰী দলৰ ৷ বনভোজথলীত ভিৰ কৰিছে অসংখ্য লোকে ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰৰ বগীনদীৰ চয়ল বনভোজথলীলৈও আগমন ঘটিছে বনভোজকাৰী দলৰ ৷ এক প্ৰকাৰে লোকে-লোকাৰণ্য হৈ পৰিছে বগীনদীৰ চয়ল (Picnic Parties gathered at Boginadi)।

উত্তৰ অসমৰ অন্যতম বনভোজথলী লখিমপুৰৰ এই বগীনদীৰ চয়ল বা সেউজ ক্ষেত্ৰ (Boginadi Tehsil) ৷ বগীনদীৰ চয়ললৈ কেৱল বনভোজৰ বতৰতে নহয়, বছৰটোৰ বাৰ মাহেই আগমন ঘটে ভিন্ন স্থানৰ পৰ্যটকৰ ৷ প্ৰকৃতিৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ এই স্থানলৈ আহে পৰ্যটক ৷ লগতে প্ৰকৃতিৰ মুক্ত পৰিৱেশত মুকলিকৈ এসাজ লগে ভাগে খাবলৈ আহে বনভোজকাৰীৰ দল (Boginadi Picnic Spot) ৷

পিছে বনভোজকাৰী দলসমূহে খোৱাৰ সময়ত ব্যৱহাৰ কৰে বিভিন্ন প্লাষ্টিকজাত সামগ্ৰী (Lakhimpur Bogiriver Tourist Place) ৷ পিছত সেইবোৰ প্লাষ্টিক জাতীয় সামগ্ৰী যোৱাৰ সময়ত সেই স্থানতে পেলাই থৈ যায় বনভোজকাৰী দলে ৷ ফলত প্লাষ্টিক জাতীয় পেলনীয়া সামগ্ৰীৰ বাবে ক্ষেত্ৰখনৰ পৰিৱেশ যথেষ্টখিনি প্ৰদূষিত হৈ পৰিছে । যাৰ বাবে বগীনদীৰ সেউজ ক্ষেত্ৰখন পুনৰ প্ৰদূষণমুক্ত কৰিবলৈ এক প্ৰশংসনীয় পদক্ষেপ হাতত লৈছে বগীনদী ঐক্য মঞ্চ (Boginadi Unity Forum), বগীনদী প্ৰেছ ক্লাব (Boginadi Press Club) আৰু জাফাৰ যৌথ উদ্যোগে (Jaffa joint venture) ৷

এই সেউজ ক্ষেত্ৰত বগীনদী ঐক্য মঞ্চ, বগীনদী প্ৰেছ ক্লাব আৰু জাফাৰ যৌথ উদ্যোগত নৱবৰ্ষত কলগছ ৰোপণ কাৰ্যসূচী হাতত লৈছে । ইংৰাজী নৱবৰ্ষৰ উপলক্ষে বগীনদীৰ সেউজ ক্ষেত্ৰৰ বনভোজথলীখন প্লাষ্টিক মুক্ত কৰাৰ লক্ষ্যৰে ৫০ জোপা কলপুলি ৰোপণ কৰে সংগঠনৰ বিষয়ববীয়াই । বগীনদী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু লখিমপুৰ জিলা জাফা আৰু বগীনদী উন্নয়ন ঐক্য মঞ্চৰ সহযোগত এই কল গছপুলি ৰোপণ কৰি ভৱিষ্যতে প্লাষ্টিক জাতীয় সামগ্ৰীৰ পৰিবৰ্তে বনভোজৰ দলে কলপাত, পটুৱা ব্যৱহাৰ কৰি পৰিৱেশ নিকা কৰি ৰাখিব বুলি আশা প্ৰকাশ কৰে (Banana tree plantation in Lakhimpur)।

উল্লেখ্য যে উত্তৰ অসমৰ অন্যতম বনভোজস্থলী হিচাপে পৰিচিত বগীনদী সেউজ ক্ষেত্ৰত বছৰটোৰ প্ৰতি দিনাই বনভোজ খাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰাও বনভোজকাৰী দলৰ আগমন ঘটে । বনভোজকাৰী দলে ব্যৱহাৰ কৰা প্লাষ্টিক, পাত, গিলাচে সেউজ ক্ষেত্ৰখনৰ পৰিৱেশ বিনষ্ট কৰি তুলিছে । সেয়েহে ঠাইখন প্ৰদূষণ মুক্ত কৰিবলৈ কল গছপুলি ৰোপণ কৰা পৰিলক্ষিত হয় (Banana tree planting to depollute Boginadi)। স্থানীয় ৰাইজ তথা বনভোজকাৰী দলে সংগঠনকেইটাৰ এনে পদক্ষেপৰ শলাগ লৈছে ।

লগতে পঢ়ক:Daragaon Tourist Place: দাৰাগাঁৱৰ বনভোজথলীত আগমন ঘটিছে অসংখ্য লোকৰ

ABOUT THE AUTHOR

...view details