ঢকুৱাখনা,26 জুন : গড়কাপ্তানী বিভাগৰ বিষয়া-অভিযন্তাৰ চূড়ান্ত শিথিলতা সুযোগ লৈ ঠিকাদাৰে কৰি অহা দুৰ্নীতিৰ বাবে চাৰিকড়ীয়া নৈৰ সামান্য সোঁতে বেঁকা কৰি পেলালে এখন ১৬ লাখ টকীয়া বাঁহৰ দলং । প্ৰাক-কলনৰ নিৰ্দেশনাক ভৰিৰে মোহাৰি দলঙখনত অপৈণত কাঠৰ খুঁটা ব্যৱহাৰৰ লগতে প্ৰয়োজন অনুসৰি খুঁটা নিদিয়াত চাৰিকড়ীয়া নৈৰ বাঢ়নী পানীয়ে দলং খনৰ কেইবাটাও খুঁটা বেঁকা কৰি পেলোৱাৰ অভিযোগ ।
নৈৰ সোঁতে বেঁকা কৰিলে এখন ১৬ লাখ টকীয়া বাঁহৰ দলং - বাঁহৰ দলং
অপৈণত কাঠৰ খুঁটা ব্যৱহাৰৰ লগতে প্ৰয়োজন অনুসৰি খুঁটা নিদিয়াত চাৰিকড়ীয়া নৈৰ বাঢ়নী পানীয়ে বেঁকা কৰি পেলালে নৈখনৰ ওপৰত থকা দলঙৰ কেইবাটাও খুঁটা । ফলত মৰণত শৰণ দি দলঙেৰে যাতায়ত কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলবাসীয়ে ।
নিৰ্মাণৰ এবছৰতে প্ৰায় বিধ্বস্ত হৈ পৰা দলং খনৰ মাজৰ অংশ হেলনীয়া হৈ বহি যোৱাত এতিয়া মৰণত শৰণ দি যাতায়ত কৰিবলগীয়া হৈছে অঞ্চলবাসীয়ে । চাৰিকড়ীয়া নৈৰ ওপৰত এই দলংখনেৰে ঢকুৱাখনা আৰু ধেমাজি সমষ্টিৰ ১০ খনৰো অধিক গাঁৱৰ লোকে অতি বিপদসংকুলভাৱে চাৰিকড়ীয়া নৈ পাৰাপাৰ হৈ আহিছে ৷
উল্লেখ্য যে, ঢকুৱাখনা আৰু ধেমাজি সমষ্টিৰ ৰাইজে চাৰিকড়ীয়া নৈৰ ওপৰত পকী দলং নিৰ্মাণৰ দাবী জনাই আহিছিল ৷ তাৰ পৰিপ্ৰক্ষিততে মন্ত্ৰী নৱ কুমাৰ দলেই বিগত বৰ্ষত পকী দলং নোহোৱা পৰ্যন্ত ৰাইজৰ চলাচলৰ বাবে চাৰিকড়ীয়াৰ ওপৰত এখন বাঁহৰ দলং নিৰ্মাণৰ বাবে মোকলাই দিছিল বিশেষ পুঁজিৰ ১৬ লাখ টকা ৷ কিন্তু গড়কাপ্তানী বিভাগৰ নৰমস্থিতিৰ বাবে ঠিকাদাৰে অতি ক্ৰুটিপূৰ্ণভাৱে দলংখন নিৰ্মাণ কৰি এৰি যায় । ফলত কম সময়ৰ ভিতৰতে বিধস্ত হৈ পৰা দলং খনৰ মাজৰ অংশ চাৰিকড়ীয়া নৈৰ সাধাৰণ সোঁততে কেইবাটাও খুঁটা বহি এঢলীয় হৈ যোৱাত অতি বিপদজনকভাৱে দলঙখনেৰে যাতায়ত কৰিবলগীয়া হৈছে বৃহত্তৰ অঞ্চলটোৰ জনতা আৰু ছাত্ৰ-ছাত্ৰী ।