ঢকুৱাখানা, 4 এপ্ৰিলঃবালিপুখুৰীৰ দহবছৰীয়া এখন জৰাজীৰ্ণ দলং ৷ দলংখনৰ বাবে হাৰাশাস্তি ভুগিব লগীয়া হৈছে ঢকুৱাখানাৰ বালিপুখুৰীৰ সমগ্ৰ অঞ্চলবাসী ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি কংগ্ৰেছ চৰকাৰৰ দিনতেই আধাৰশিলা স্থাপন হোৱা এই দলংখনৰ কাম ঠিকাদাৰে আধাতেই সামৰি দলংখনত আবণ্টনহোৱা সকলো ধন আত্মসাৎ কৰি লোৱাৰ উপৰিও দলংখন নিৰ্মাণৰ বাবে অনা ৰড,কাঠ আদি সামগ্ৰী ঠিকাদাৰে নিজৰ ঘৰ নিৰ্মাণৰ বাবে ব্যৱহাৰকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷স্বাধীনতাৰ সত্তৰ দশক পাৰ হোৱাৰপাছতো উন্নয়নৰ বাট নেদেখা এই জৰাজীৰ্ণ দলংখনৰ বিষয়ে দহ বছৰ ধৰি চৰকাৰ তথা ৰাজনৈতিক নেতাক অৱগত কৰি আহিছে যদিও কোনো সুফল নাপালে অঞ্চলবাসীয়ে ৷ ইফালে দলংখন পৰ্যবেক্ষণ কৰিবলৈ ৰাজনৈতিক নেতাৰ সঘনে আহ-যাহ চলে যদিও এই দলংখনৰ কাম প্ৰতিশ্ৰুতিতেই সমাপ্ত হৈ থাকিল বুলি মন্তব্য কৰে অঞ্চলবাসীয়ে ৷
দহবছৰীয়া এখন জৰাজীৰ্ণ বাঁহৰ দলং আৰু জনপ্ৰতিনিধিৰ মিছা প্ৰতিশ্ৰুতি - বালিপুখুৰী
বালিপুখুৰীত দহ বছৰে উন্নয়নৰ পথ নেদেখা এখন বাঁহৰ দলং ৷ বাৰিষা অহাৰ লগে লগে শংকিত ৰাইজ ৷
অঞ্চলবাসীৰ মত অনুসৰি বাৰিষা নামি আহিলেই সম্পূৰ্ণৰূপে যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলেও বিদ্যালয় পৰ্যন্ত বাদ দিব লগা হয় ৷ কংগ্ৰেছে আধৰুৱা কৰি নিৰ্মাণ কৰি দিয়া দলংখন শেষত উপায়ন্তৰ হৈ ৰাইজে নিজে সাজি লৈছিল এখন বাঁহৰ দলং ৷ কিন্তু পুনৰ বাৰিষা অহাৰ লগে-লগে দলংখনৰ শোচনীয় অৱস্থাৰ বাবে চিন্তিত হৈ পৰিছেঅঞ্চলবাসী ৷ স্থানীয় ৰাইজৰ মত অনুসৰি যদিহে দলংখন অতি শীঘ্ৰে মেৰামতি কৰা নহয় তেন্তে সম্পূৰ্ণৰূপে যাতায়ত ব্যৱস্থা বন্ধ হৈ যাব ৷ আনকি নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোত সঘনে আগমণ ঘটা সাংসদ তথা বিধায়কৰ মিছা প্ৰতিশ্ৰুতিৰ বাবে ক্ষোভিত হৈ পৰা অঞ্চলবাসীয়ে মিছা প্ৰতিশ্ৰুতি নহয় বাস্তৱত কৰি দেখুৱাৰ কথা উল্লেখ কৰে ৷