অসম

assam

ETV Bharat / state

আজি বদলা পদ্মআতাৰ ৩৪৪ সংখ্যক তিৰোভাৱ তিথি

১৪৬৮ শকৰ জেঠ মাহৰ শুক্লা একাদশী তিথিত জন্মগ্ৰহণ কৰিছিল বদলা পদ্মআতাই ৷ মহাপুৰুষ মাধৱদেৱক ধৰ্মপ্ৰচাৰৰ বাবে উজনিলৈ উভতাই আনিবলৈ গৈ গুৰুজনাৰ আজ্ঞাৰে পদ্মআতাই উজনিৰ ধৰ্ম প্ৰচাৰৰ দায়িত্বভাৰ গ্ৰহণ কৰিব লগা হোৱাৰ বাবে ‘‘বদলা’’ নামেৰে জনাজাত হৈছিল পদ্মআতা ৷

আজি বদলা পদ্মআতাৰ ৩৪৪ সংখ্যক তিৰোভাৱ তিথি
আজি বদলা পদ্মআতাৰ ৩৪৪ সংখ্যক তিৰোভাৱ তিথি

By

Published : Aug 28, 2020, 4:34 PM IST

লখিমপুৰ, 28 আগষ্ট:বাৰ বৈষ্ণৱৰ জন্মস্থান নাৰায়ণপুৰত পদ্মআতাৰ জন্মস্থান সক্ৰাহী সত্ৰকে ধৰি পদ্মআতাৰ দ্বাৰা স্থাপিত বদলা সত্ৰ, মাধৱদেৱ জন্মস্থান লেতেকুপুখুৰী, ধুৱাহাট বেলগুৰি সত্ৰত সত্ৰীয়া পৰম্পৰাৰে শুকুৰবাৰে চাৰিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় বদলা পদ্মআতাৰ ৩৪৪ সংখ্যক তিৰোভাৱ তিথি ৷

বদলা পদ্মআতাৰ ৩৪৪ সংখ্যক তিৰোভাৱ তিথি

উল্লেখ্য যে, ১৪৬৮ শকৰ জেঠ মাহৰ শুক্লা একাদশী তিথিত জন্মগ্ৰহণ কৰিছিল বদলা পদ্মআতাই ৷ মহাপুৰুষ মাধৱদেৱক ধৰ্মপ্ৰচাৰৰ বাবে উজনিলৈ উভতাই আনিবলৈ গৈ গুৰুজনাৰ আজ্ঞাৰে পদ্মআতাই উজনিৰ ধৰ্ম প্ৰচাৰৰ দায়িত্ব ভাৰ গ্ৰহণ কৰিব লগা হোৱাৰ বাবে বদলা নামেৰে জনাজাত হৈছিল পদ্মআতা ৷

মাধৱদেৱৰ গাৰ বদলেৰে বদলা পদ্মআতাই উজনিত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰি উজনিৰ উত্তৰপাৰত প্ৰথম বদলা সত্ৰ স্থাপন কৰিছিল ৷ পৰৱৰ্তী সময়ত উত্তৰ অসমৰ লগতে মাজুলীত ধৰ্মপ্ৰচাৰ কৰি সত্ৰ স্থাপন কৰি সত্ৰাধিকাৰৰূপে ধৰ্মপ্ৰচাৰৰ গুৰুভাৰ লৈ মাজুলীতে তিৰোভাৱ হৈছিল পদ্মআতাৰ ৷

৩৪৪ সংখ্যক তিৰোভাৱ তিথিত জন্মস্থান সক্ৰাহী সত্ৰত দিনজোৰা কাৰ্যসূচীৰে এই তিথি পালন কৰাৰ লগতে বদলা সত্ৰ, মাধৱদেৱৰ জন্মস্থান লেতেকুপুখুৰীত চাৰিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি প্ৰথম দিন চাউল ভোজনী, দ্বিতীয় দিনা থাপনি, তৃতীয় দিন তথা মূল তিথিৰ দিনটোত কীৰ্তন আৰু শেষৰ দিনটোত ভাঙনি নামেৰে পালন কৰা হয় ৷ গুৰুজনাৰ তিৰোভাৱ তিথিত দুজনা গুৰুৰ সৃষ্ট সত্ৰীয়া কলা-কৃষ্টি প্ৰদৰ্শন কৰা হয় ৷

লগতে চাওক-বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়াৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদানৰ আহ্বান পত্নীৰ

ABOUT THE AUTHOR

...view details