অসম

assam

ETV Bharat / state

কৈৱৰ্তসকলক অপমানসূচক মন্তব্য দিয়া যুৱকে বিচাৰিলে ক্ষমা - কৈৱৰ্তসকলক অপমানসূচক মন্তব্য দিয়া যুৱকে বিচাৰিলে ক্ষমা

কৈৱৰ্ত জাতিক অপমান কৰি ক্ষমা খুজিলে লখিমপুৰৰ এজন যুৱকে ৷ বাবু ফুকন নামৰ যুৱকজনে লালুক আঞ্চলিক কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ কাৰ্যালয়লৈ আহি ৰাজহুৱাভাৱে ক্ষমা(Babu Phukan apologized for controversial comments against kaivarta caste) খোজে ৷ লগতে ভৱিষ্যতে এনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

babu-phukan-apologized-for-controversial-comments-against-kaivarta-caste
কৈৱৰ্তসকলক অপমানসূচক মন্তব্য দিয়া যুৱকে বিচাৰিলে ক্ষমা

By

Published : May 9, 2022, 1:47 PM IST

লখিমপুৰ, 9 মে’:কৈৱৰ্ত জাতিক অপমান কৰি ক্ষমা খুজিলে লখিমপুৰৰ এজন যুৱকে ৷ প্ৰাপ্ত তথ্য অনুসৰি, কিছুদিন পূৰ্বে ঢলপুৰৰ বাবু ফুকন নামৰ যুৱকজনে ফেচবুকৰ ভিডিঅ’ত সমগ্ৰ কৈৱৰ্ত জাতিক উদ্দেশ্যি অপমানসূচক মন্তব্য কৰিছিল ৷

আপত্তিজনক শব্দ ব্যৱহাৰ কৰি কমেণ্ট কৰা যুৱকজনৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত জাঙুৰ খাই উঠে সমগ্ৰ সমাজখন ৷ যাৰ বাবে অৱশেষত যুৱকজনে ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ বাধ্য হয় ৷ বাবু ফুকনে লালুক আঞ্চলিক কৈৱৰ্ত যুৱ ছাত্ৰ সন্মিলনৰ কাৰ্যালয়লৈ আহি ৰাজহুৱাভাৱে ক্ষমা(Babu Phukan apologized for controversial comments against kaivarta caste) খোজে ৷ লগতে ভৱিষ্যতে এনে ভুল নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

কৈৱৰ্তসকলক অপমানসূচক মন্তব্য দিয়া যুৱকে বিচাৰিলে ক্ষমা

উল্লেখ্য যে, কেইদিনমানৰ পূৰ্বে মনোজ ভাই নামৰ আন এজন ইউটিউবাৰে অনুৰূপ কাণ্ড কৰি ক্ষমা খুজিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷

লগতে চাওক:সত্ৰৰ সত্ৰাধিকাৰক সামাজিক মাধ্যমত অপমান কৰি ভুল স্বীকাৰ নয়নজ্যোতি বৰুৱাৰ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details