লখিমপুৰ, ৪ছেপ্টেম্বৰ:অসম আৰু অৰুণাচলৰ সীমা সমস্যাক লৈ দুয়োখন ৰাজ্যৰ মাজত আলোচনা অব্যাহত থকাৰ মাজতেই এইবাৰ পুনৰ অসম-অৰুণাচল সীমান্তৱৰ্তী এলেকাত অসমৰ ভূমি আগ্ৰাসনে ভয়ংকৰ পৰিস্থিতিৰ ৰূপ লৈছে(Arunachal Pradesh invades Assamese territory again) ৷
লখিমপুৰ জিলাৰ দুলুং,ৰঙা আদি সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ বেদখল আৰু সীমা সমস্যা সমাধানৰ নামত দখলীকৃত ভূমি এৰি দিয়াৰ প্ৰসংগই জুই জ্বলাইছে লখিমপুৰত । ৰঙা সংৰক্ষিত বনাঞ্চলৰ বেদখলৰ বিৰুদ্ধে দেওবাৰে অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰে অসমীয়া যুৱ মঞ্চই ।
লখিমপুৰৰ অৰুণাচল সীমান্তৰ বিভিন্ন অঞ্চলত প্ৰতিবাদৰ জোৱাৰ উঠিছে । বিশেষ কৈ দুলুং,ৰঙা আদি সংৰক্ষিত বনাঞ্চলত প্ৰতিবাদৰ চোক বাঢ়িছে । সীমা সমস্যা সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মাজত সঘন বৈঠক অনুষ্ঠিত হৈ থকাৰ সময়ত অৰুণাচলীয়ে অসম ভূমিলৈ বহুদুৰ আগুৱাই আহি সেয়াই অৰুণাচলৰ ভূমি বুলি প্ৰতিপন্ন কৰিব বিচাৰিছে ।
ৰঙা সংৰক্ষিত বনাঞ্চলত এনে বেদখলৰ প্ৰকোপ বৃদ্ধি হোৱাত দেওবাৰে বিয়লি বনাঞ্চলখনৰ ভিতৰত অসমীয়া যুৱ মঞ্চই(Asomiya Yuv Manch protest in Lakhimpur)অৰ্ধ উলংগ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে তেজ দিম মাটি নিদিও বুলি হুংকাৰ দিয়ে । অৰুণাচলক এক ইঞ্চিও ভূমি এৰি দিয়া নহ'ব বুলি উত্তাল শ্লোগান দি বেদখলদাৰী অৰুণাচলীক ধিক্কাৰ দিয়ে । অৰুণাচলীৰ বেদখলৰ বিৰুদ্ধে হেংদাং লৈ অসমীয়া যুৱ মঞ্চই প্ৰত্যুত্তৰ দিব বুলিও সকীয়াই দিয়ে বেদখলকাৰী সকলক ।