লখিমপুৰ, 26 মে’ :লখিমপুৰ বন বিভাগৰ ব্যতিক্ৰমী পদক্ষেপ (Lakhimpur Forest Department)৷ নৱ প্ৰজন্মক প্ৰকৃতিৰ বিষয়ে সজাগ কৰাৰ উদ্দেশ্যে জিলা বন বিভাগে জিলাখনত 10 হাজাৰ গছ পুলি ৰোপন কৰাৰ এক কাৰ্যসূচী হাতত লৈছে (Awareness and plantation program) ৷ লগতে জিলাখনক সেউজীয়া কৰি ৰখাৰ লক্ষ্যৰে ছাত্ৰ সমাজক লগত লৈ এই অভিযান আৰম্ভ কৰিছে জিলা বন বিভাগে ।
কেৱল গছ পুলি ৰোপনেই নহয়, ছাত্ৰ-ছাত্ৰীক গছপুলি ৰোপনৰ কৌশল, প্ৰকৃতিৰ সন্দৰ্ভত সজাগতাৰ সকলো দিশেই এই কাৰ্যসূচীৰ অন্যতম লক্ষ্য বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে জহিং খণ্ড বন কাৰ্যালয়ৰ অধীনত জহিঙৰ ল'ৱাৰ জুমি বস্তিত বন বিভাগৰ লগত ছাত্ৰ-ছাত্ৰীসকলে এহেজাৰ গছপুলি ৰোপন কৰে ৷