নাওবৈচা, 12 ছেপ্টেম্বৰ :নীলা কৈ আকাশত বগা কৈ উৰিছে, শিঙৰাৰ বালি চাপৰিত কঁহুৱা ফুলিছে ৷ সেই কঁহুৱা হালিছে জালিছে, আমাৰ মনবোৰ ব্যাকুল হৈ পৰিছে ৷ তোমাৰ উশাহ কঁহুৱা-কোমল । তোমাৰ হাঁহি শেৱালি কোমল । বতাহত লহপহকৈ হালিলে বাজি উঠে মিঠা বাঁহী ।
শৰতৰ বতৰত প্ৰাণময় পৰিৱেশৰ মাজত ফুলি উঠা কহুৱা তুমি । কত কবি, গায়কৰ বৰ্ণময় শব্দৰ এটা মিঠা নাম এই কঁহুৱা । নিৰ্মল আকাশৰ তলত শৰৎ আহিলেই ফুলি উঠা কঁহুৱা বহুতৰে মনৰ ভাষা । সৰগৰ বুকুৰ পৰা নামি অহা যেন লগা মায়াময় শৰতক ধৰাৰ বুকুত চিনাকি কৰাইছে এতিয়া কঁহুৱা বনবোৰে ।
শৰৎ অহাৰ মিঠা স্পৰ্শক চিনাকি কৰাই হালি জালি ফুলি উঠিছে শুকুলা চাদৰ এখনিৰ দৰেই কঁহুৱা বনবোৰ ।
বছৰটোৰ এইখিনি সময়ত দিনটোৰ তেজ গোৰা বেলিয়ে জিলিঙনি মেলি দূৰৈৰ পৰা সোঁত বৈ থকা জলৰাশিয়েদি আহি নদীৰ পাৰৰ কঁহুৱাবোৰক চুমি থকাৰ দৃশ্যবোৰে একপ্ৰকাৰ প্ৰতিজনকে মোহচ্ছন্ন কৰি তুলিছে । প্ৰকৃতিৰ নান্দনিক শোভাৰে ভৰা ৰূপহী অসমৰ নৈসমূহৰ পাৰে পাৰেও কঁহুৱা ফুলাৰ দৃশ্যপট অতুলনীয়, অনন্য (Again autumn season comes) ।