লখিমপুৰত আটছাৰ প্ৰতিবাদ প্ৰতিবাদ লখিমপুৰ, ৫ ডিচেম্বৰ : চাহ জনগোষ্ঠীৰ লোকসকলৰ আছে বিভিন্ন সমস্যা ৷ জনজাতিকৰণ, মাটিৰ পট্টা প্ৰদান আদিৰ দাবীৰে জনগোষ্ঠীটোৰ সংগঠনসমূহে বিভিন্ন সময়ত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷ উক্ত দাবীসমূহ পূৰণৰ আশ্বাস দি একাংশ নেতা মন্ত্ৰী-বিধায়ক, সাংসদ হ’ল । কেন্দ্ৰীয় মন্ত্ৰিত্বৰ পদো গ্ৰহণ কৰিলে একাংশ চাহ জনগোষ্ঠীৰ নেতাই । পিছে ক্ষমতালৈ আহি তেওঁলোকে পাহৰি গ’ল জনগোষ্ঠীটোৰ দুৰ্দশাৰ কথা ।
অনতি পলমে মন্ত্ৰী, সাংসদসকলে সংসদত, বিধান সভাত জনগোষ্ঠীটোৰ সমস্যাসমূহ উত্থাপন কৰি সমাধানৰ প্ৰয়াস নকৰিলে তেওঁলোকক ক্ষমতাৰ পৰা ওফৰাই পেলোৱাৰ হুংকাৰ দিছে চাহ জনগোষ্ঠীয় ছাত্ৰ সন্থাই ৷ তেওঁলোকক ওফৰাই পেলাবলৈ চাহ জনগোষ্ঠীৰ ৰাইজ সাজু হৈ আছে বুলি মন্তব্য কৰিছে ছাত্ৰ সংগঠনটোৱে ।
মঙলবাৰে লখিমপুৰত আটছাই গ্ৰহণ কৰা ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি আটছাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক অভিষেক চনাই চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী-বিধায়ক তথা সাংসদক সকীয়নি প্ৰদান কৰে ৷
লখিমপুৰ নগৰৰ ত্যাগ ক্ষেত্ৰৰ পৰা সমদল কৰি লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আটছাই ধৰ্ণা দিয়ে । চাহ জনগোষ্ঠীক জনজাতিকৰণ, মাটিৰ পট্টা প্ৰদান কৰা আদিৰ দাবীত আটছাৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত উক্ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰি আটছাৰ কেন্দ্ৰীয় সমিতিৰ সহ-সম্পাদক সুনীল তিৰ্কীয়ে কয়, ‘‘ চৰকাৰখনৰ কাম-কাজত চাহ জনগোষ্ঠীৰ ৰাইজ অতিষ্ঠ হৈছে । নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ লোকক জনজাতিকৰণ, মাটিৰ পট্টা দিয়াৰ টোপ দিয়া হয় । যেন এই টোপোলাটো নিৰ্বাচনত জিকাৰ পাচতে চাহ জনগোষ্ঠীক প্ৰদান কৰিব । এনেদৰে সহজ-সৰল চাহ জনগোষ্ঠীৰ লোকক প্ৰলোভিত কৰি ক্ষমতালৈ অহাৰ পাচত তেওঁলোকে জনগোষ্ঠীটোক পাহৰি পেলায় । আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে চাহ জনগোষ্ঠীৰ লোকক দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰিলে বিজেপিয়ে ইয়াৰ প্ৰতিফল ভুগিব লাগিব আৰু তাৰ বাবে চাহ জনগোষ্ঠীৰ লোক সাজু হৈ আছে ৷’’
আটছাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য বাবুল নায়কেও বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয়, ‘‘ চৰকাৰে চাহ উদ্যোগৰ দুশ বছৰ হোৱা উপলক্ষে কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ লৈছে । কিন্তু এই দুশ বছৰে চাহ জনগোষ্ঠীৰ লোকক মাটিৰ পট্টা প্ৰদান কৰা নহ’ল ।’’ অমৃত কলহ যাত্ৰাৰ পৰাও তেওঁলোকক বঞ্চিত কৰা হ’ল বুলি মন্তব্য কৰি বীবুল নায়কে বিনাচৰ্তে চাহ জনগোষ্ঠীৰ লোকক মাটিৰ পট্টা দিবলৈ দাবী জনায় আটছাৰ কেন্দ্ৰীয় সমিতিৰ সদস্যগৰাকীয়ে৷ অন্যথা আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিক সমুচিত প্ৰত্যুত্তৰ দিয়া হ’ব বুলি মন্তব্য কৰে ।
মঙলবাৰৰ কাৰ্যসূচীত আটছাৰ লখিমপুৰ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি বাবুল গোৱালা, ভাৰপ্ৰাপ্ত সম্পাদক সুমিত বাধিৰ লগতে ভালেমান লোকে অংশগ্ৰহণ কৰে । ‘আমাৰ মাটি, আমাৰ অধিকাৰ’, ‘চাহ জনজাতিক মাটিৰ পট্টা দিবই লাগিব’, ‘বিজেপি চৰকাৰ মিছলীয়া’, ‘বিজেপি চৰকাৰ কাম নাই’, ‘বিজেপি গ’ বেক’ আদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।
লগতে পঢ়ক :বাগানে বাগানে কংগ্ৰেছ কাৰ্যসূচীৰ পাচত বিজেপিৰ সংকল্প যাত্ৰা