লখিমপুৰ, 27 ফেব্ৰুৱাৰীঃ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণ ৷ আক্ৰমণ ছাত্ৰাৱাসত থকা বহু ছাত্ৰৰ লগতে লণ্ড-ভণ্ড কৰে ছাত্ৰাৱাসৰ সামগ্ৰী । এতিয়া তীব্ৰ নিৰাপত্তাহীনতাত ভুগিছে ছাত্ৰ সকল । আঘাত প্ৰাপ্ত ছাত্ৰ সকল বৃহস্পতিবাৰে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব । প্ৰায় 30 জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে ছাত্ৰ কেইজনক ।
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত আক্ৰমণ - 30 জনীয়া এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰে ছাত্ৰ কেইজনক
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত অঘটন । নিশা কেবাজনো ছাত্ৰক মাৰধৰ অচিনাক্ত দুৰ্বৃত্তৰ ।
![মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰাৱাসত আক্ৰমণ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত আক্ৰমণ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6218932-thumbnail-3x2-a.jpg)
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত আক্ৰমণ
মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰাবাসত অঘটন
ছাত্ৰাবাসৰ তদাৰকী শিক্ষককো আক্ৰমণ কৰে দুৰ্বৃত্তই । আঘাতপ্ৰাপ্ত ছাত্ৰ কেইজনক মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । আঘাতপ্ৰাপ্ত ছাত্ৰ কেইজন হ'ল তোলন পেগু,ধৰ্মেন্দ্ৰ বৈশ্য,কৰ্ণৱ পেগু,পংকজ দলে আৰু অনু তানি টাইদ । আক্ৰমণৰ পিচতে থানাত গোচৰ ৰুজু কৰিছে আহত ছাত্ৰকেইজনে। ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে নাৰায়ণপুৰ আৰক্ষীয়ে ।