অসম

assam

ETV Bharat / state

Protest of ATASU at Lakhimpur: লখিমপুৰত আঙুৰলতাৰ বিৰুদ্ধে আটাছুৰ প্ৰতিবাদ - Protest of ATASU at Lakhimpur

বিজেপিৰ ৰাজ্য়িক মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকাৰ বিৰুদ্ধে কেইবাদিনৰ পৰা ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে তাই আহোম সকলৰ বিভিন্ন সংগঠনে(ATASU protest at Lakhimpur)। লখিমপুৰত বৃহস্পতিবাৰে সদৌ তাই আহোম ছাত্র সন্থা আটাছুৰ লখিমপুৰ জিলা সমিতিয়েও প্ৰতিবাদ সাব্যস্ত কৰে ।

Protest of ATASU at Lakhimpur
লখিমপুৰত আঙুৰলতাৰ বিৰুদ্ধে আটাছুৰ প্ৰতিবাদ

By

Published : Aug 4, 2022, 4:53 PM IST

লখিমপুৰ, ৪ আগষ্ট:বিজেপিৰ ৰাজ্য়িক মহিলা মৰ্চাৰ সভানেত্রী আঙুৰলতা ডেকাৰ বিৰুদ্ধে কেইবাদিনৰ পৰা ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰি আহিছে তাই আহোম সকলৰ বিভিন্ন সংগঠনে(ATASU protest at Lakhimpur)। লখিমপুৰত বৃহস্পতিবাৰে সদৌ তাই আহোম ছাত্র সন্থা (আটাছু)ৰ লখিমপুৰ জিলা সমিতিয়েও প্ৰতিবাদ সাব্যস্ত কৰে।

লখিমপুৰত আঙুৰলতাৰ বিৰুদ্ধে আটাছুৰ প্ৰতিবাদ

লখিমপুৰত সদৌ তাই আহোম ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে । লখিমপুৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কায্যসুচী ৰূপায়ণ কৰে সংগঠনটোৱে ।এই কাৰ্যসূচী লখিমপুৰ জিলা সমিতিৰ উদ্যোগত ৰূপায়ন কৰা হয় । উল্লেখ্য কিছুদিন আগতে এটা বাতৰি সম্প্ৰচাৰ হৈছিল যে বিজেপি মহিলামৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত হোৱা এটা ৰেলীত আহোম জাতিক মূর্দাবাদ বুলি ধ্বনি দিছিল । ইয়াৰ পিছৰে পৰাই বিভিন্ন আহোম সংগঠনে আঙুৰলতা ডেকাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি অহাৰ লগতে বিভিন্ন থানাত দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে এজাহাৰ দাখিল কৰিছিল । কিন্তু অসম চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই ।

ইয়াৰ প্ৰতিবাদতে লখিমপুৰ জিলা তাই আহোম ছাত্ৰ সন্থাই দুঘন্টীয়া অৱস্থান ধৰ্ম্মঘট কাৰ্য্যসুচী ৰূপায়ন কৰে । চৰকাৰে কোনোধৰণৰ দৃষ্টান্তমুলক শাস্তি প্ৰদান নকৰিলে অনাগত দিনত অসম চৰকাৰে জংগী আন্দোলনৰ সন্মুখীন হ'বলৈ সাজু হৈ থাকিবলৈ প্ৰতিবাদকাৰীসকলে হুংকাৰ দিয়ে।

লগতে পঢ়ক:ATASU protest in Jorhat: আঙুৰলতাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী আটাছুৰ

ABOUT THE AUTHOR

...view details