লখিমপুৰ, 27 নৱেম্বৰ: লখিমপুৰত সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৱে জ্বলালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা । জনজাতিৰ স্বীকৃতি প্ৰদানৰ দাবীৰে আটাছুৱে ৰূপায়ন কৰে এই প্ৰতিবাদী কাৰ্যসূচী ৷
টাই আহোমসকলক জনজাতিৰ স্বীকৃতি প্ৰদান নকৰাৰ ক্ষোভত সোমবাৰে বিয়লি সদৌ টাই আহোম ছাত্ৰ সন্থাৰ লখিমপুৰ জিলা সমিতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰো পুত্তলিকা দাহ কৰে । লখিমপুৰৰ পহুমৰাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত থকা বীৰ লাচিতৰ প্ৰতিমূৰ্তিৰ সন্মুখত আটাছুৱে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।
জনজাতিকৰণৰ দাবীত পুত্তলিকা দাহৰ সমানে সমানে অমিত শ্বাহ গ’ বেক, নৰেন্দ্ৰ মোদী গ’ বেক, বিজেপি গ’ বেক, ন’ এছ টি ন’ ৰেষ্ট, আমাক জনজাতিৰ স্বীকৃতি লাগিবই আদি শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে । আটাছুৰ প্ৰতিবাদকাৰীসকলে ক্ষোভ উজাৰি কয় যে প্ৰতিখন চৰকাৰে আহোমসকলক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা হ’ব বুলি চূড়ান্ত প্ৰতাৰণা কৰি আহিছে ।