লখিমপুৰ,10 আগষ্ট: অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ(AASU Protest against irregular electricity supply) ৷ অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে মংগলবাৰে লখিমপুৰ জিলা ছাত্র সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ।
বিগত কিছুদিন ধৰি জিলাখনত বিদ্যুৎ যোগান ব্যৱস্থাৰ চৰম অৱনতি ঘটে । যাৰ বাবে সৰ্বস্তৰৰ ৰাইজে ভোগ কৰিব লগীয়া হৈছে যাতনা । ইয়াৰ ফলতে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ হৈ পৰে জিলা ছাত্র সন্থা । ছাত্র সন্থাই নগৰৰ কমলাবাৰী পথত থকা বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীৰ ।
বিদ্যুৎ বিভাগৰ পুত্তলিকা দাহেৰে আছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(Burning statue of the electricity department) । প্ৰতিবাদকাৰীসকলে ক্ষোভ ব্যক্ত কৰি কয় যে বিদ্যুৎ যোগান ব্যৱস্থাত জিলাখনত অতি নিম্নমানৰ সামগ্রী ব্যৱহাৰ কৰাৰ ফলত এজাক সাধাৰণ বতাহ-বৰষুণতে সঘনাই বিদুৎ সৰবৰাহ বন্ধ হৈ পৰে । বিদ্যুতৰ এনে বিজুতিৰ বাবে শিক্ষাৰ্থীৰ পৰা সৰ্বস্তৰৰ লোক যথেষ্ট অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে ।
জিলাখনত বিদ্যুৎ যোগান ব্যৱস্থা নিয়মীয়া নকৰিলে ছাত্র সন্থাই শীঘ্ৰে আন্দোলনৰ কাৰ্যসূচী গ্রহণ কৰিব বুলি সকীয়নি প্ৰদান কৰে । প্ৰতিবাদৰ অন্তত বিভাগীয় বিষয়া আৰু সংশ্লিষ্ট মন্ত্রীলৈ আছুৱে দাবী সম্বলিত এখন স্মাৰক পত্র প্ৰেৰণ কৰে ।
লগতে পঢ়ক:Sad picture of ASEB: 20 দিন ধৰি অন্ধকাৰত ডুব যোৱা এটা অঞ্চল