অসম

assam

ETV Bharat / state

Protest in Lakhimpur:পৰিবহন নিগমৰ কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল লখিমপুৰ - Protest in Lakhimpur ASTC office

হঠাৎ চাকৰি হেৰুৱাই মূৰত সৰগ ভাগি পৰিছে পৰিবহন নিগমৰ কৰ্মচাৰীৰ ৷ ইমান দিনে কৰি অহা চাকৰিৰ পৰা হঠাৎ এখন জাননী দিয়েই অব্যাহতি দিয়া কাৰ্যক হজভাৱে ল’ব পৰা নাই পৰিবহণ নিগমৰ এইসকল কৰ্মচাৰীয়ে (ASTC employees suddenly fired from Job) ৷

Protest in Lakhimpur ASTC office
মূৰত সৰগ ভাগি পৰিছে পৰিবহন নিগমৰ কৰ্মচাৰীৰ

By

Published : Jun 1, 2023, 3:03 PM IST

মূৰত সৰগ ভাগি পৰিছে পৰিবহন নিগমৰ কৰ্মচাৰীৰ

লখিমপুৰ, ১ জুন:এফালে নিযুক্তি আনফালে চাটাই । যি সময়ত চৰকাৰে শ শ নিযুক্তি দিয়াৰ ঘোষণা কৰি আছে সেই সময়তে পৰিবহন নিগমৰ ৭৭১ জন কৰ্মচাৰীক চাটাই কৰা হৈছে । যাৰ বাবে প্ৰতিবাদ মুখৰ হৈ পৰিছে কৰ্মচাৰীসকল । ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বৃহস্পতিবাৰে লখিমপুৰতো প্ৰতিবাত নামিল পৰিবহন নিগমৰ কৰ্মচাৰীসকল (ASTC employees fired from Job)।

লখিমপুৰত পৰিবহন নিগমৰ কৰ্মচাৰীৰ উত্তাল প্ৰতিবাদ (Protest in Lakhimpur ASTC office)। চৰকাৰে ৰাজ্যিক পৰিবহন নিগমৰ ৭৭১ জন কৰ্মচাৰীক চাটাই কৰাৰ পৰিণতিত চৌদিশে প্ৰতিবাদৰ ধ্বনি উঠিছে । অন্যায়ভাৱে কৰ্মচাৰীসকলক চাটাই কৰা হৈছে বুলি তেওঁলোক প্ৰতিবাদ মুখৰ হৈ পৰিছে । ৰাজ্য চৰকাৰক এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী উত্থাপন কৰিছে তেওঁলোকে । চৰকাৰে এই সিদ্ধান্ত বাতিল কৰি ৭৭১ জন কৰ্মচাৰীক চাকৰি ঘুৰাই নিদিয়ালৈকে আজিৰে পৰা অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি আৰম্ভ কৰিছে কৰ্মচাৰীসকলে ।

উল্লেখ্য যে দহ বছৰৰো অধিক কাল কাম কৰি থকা কৰ্মচাৰীসকলক চাটাই কৰাটো কোনো কাৰণত সহ্য কৰা নহ'ব বুলি কৰ্মচাৰী সকলে স্পষ্ট কৰি দিয়ে । বিভাগীয় সাক্ষাৎকাৰত অৱতীৰ্ণ হৈ নীতিগতভাৱে নিযুক্তি লাভ কৰা বুলি উল্লেখ কৰি তেওঁলোকে চৰকাৰে ক'ত অনিয়ম দেখিলে বুলি প্ৰশ্ন উত্থাপন কৰিছে । উল্লেখ্য যে,পৰিবহন নিগমৰ পৰা চাটাই কৰা ৭৭১ জন কৰ্মচাৰীৰ ভিতৰত ৪৮ জন হৈছে লখিমপুৰ জিলাৰ । এইসকল কৰ্মচাৰীয়ে আজি নগৰৰ খেলমাটিত থকা পৰিবহন নিগমৰ কাৰখানাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে ক্ষোভ প্রকাশ কৰি কয় চৰকাৰে কৌশলগতভাৱে কৰ্মচাৰী সকলক ভাগ ভাগ কৰিছে । অন্যায়ভাৱে কৰ্মচাৰীক চাটাই কৰিছে ।

চৰকাৰে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰা পৰ্যন্ত কৰ্মবিৰতি অব্যাহত থাকিব বুলি চৰকাৰক সকীয়াই দিয়ে কৰ্মচাৰীসকলে। এই প্ৰতিবাদী কাৰ্যসূচীত ৰাজ্যিক পৰিবহন নিগম কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সমিতিৰ সভাপতি ৰাজেন শইকীয়া, লখিমপুৰ জিলা সমিতিৰ সম্পাদক কমল শইকীয়াসহ ভালেখিনি কৰ্মচাৰীয়ে অংশগ্রহণ কৰে ৷ অসম ৰাজ্যিক পৰিহন নিগমত ৭৪৭ গৰাকী স্থায়ী কৰ্মচাৰী থকাৰ লগতে ২১২৩ গৰাকী অস্থায়ী কৰ্মচাৰী আছে । শেহতীয়াকৈ ২১২৩ গৰাকী অস্থায়ী কৰ্মচাৰীৰ ভিতৰত ৭৭১ গৰাকী কৰ্মচাৰীক নীতিবৰ্হিভূতভাৱে চাকৰি লোৱা বুলি চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে । অব্যাহতি দিয়া কৰ্মচাৰীসকলৰ ভিতৰত ২৯৪ গৰাকী সুৰক্ষা সহায়ক, ২২৭ গৰাকী মেকানিক, ১৪৫ গৰাকী কাৰ্যালয় সহায়ক, ৭৪ গৰাকী কম্পিউটাৰ পদত, ৭ গৰাকী ইঞ্জিনিয়াৰ আৰু ৮১ গৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছে ।

লগতে পঢ়ক:ASTC employees fired: একেলগে চাকৰি হেৰুৱালে 771 গৰাকী কৰ্মচাৰীয়ে; অনিৰ্দিষ্ট কাললৈ নচলিব বাছ !

ABOUT THE AUTHOR

...view details