অসম

assam

ETV Bharat / state

গৰমৰ বাবে ৰাজস্থানত মৃত্যু লখিমপুৰৰ জোৱানৰ

ৰাজস্থানৰ আলৱাৰত কৰ্মৰত আছিল অনন্ত বৰুৱা ৷ মৃত জোৱানজনৰ ঘৰ লখিমপুৰৰ আজাদৰ ৰংপুৰীয়া গাঁৱত ৷ ২০০২ চনত চাকৰিত যোগদান কৰিছিল পুৰন্দৰ বৰুৱাৰ কনিষ্ঠ পুত্ৰ অনন্ত বৰুৱাই ৷

গৰমৰ বাবে ৰাজস্থানত মৃত্যু লখিমপুৰৰ জোৱানৰ

By

Published : Jun 14, 2019, 7:09 PM IST

লখিমপুৰ,14 জুন: উৎকট গৰমৰ বাবে ৰাজস্থানত কৰ্মৰত অৱস্থাত মৃত্যু অসমৰ SSB জোৱানৰ ৷ ৰাজস্থানৰ আলৱাৰত কৰ্মৰত আছিল অনন্ত বৰুৱা ৷ মৃত জোৱানজনৰ ঘৰ লখিমপুৰৰ আজাদৰ ৰংপুৰীয়া গাঁৱত ৷ ২০০২ চনত চাকৰিত যোগদান কৰিছিল পুৰন্দৰ বৰুৱাৰ কনিষ্ঠ পুত্ৰ অনন্ত বৰুৱাই ৷ ১২ জুনত কৰ্তব্যৰত অৱস্থাত হঠাৎ মৃত্যু হয় SSBৰ ৩১নং বেটেলিয়নৰ জোৱানজনৰ ৷ শুকুৰবাৰে নিজগৃহলৈ অনা হয় বৰুৱাৰ মৃতদেহ ।

গৰমৰ বাবে ৰাজস্থানত মৃত্যু লখিমপুৰৰ জোৱানৰ

লগতে পঢ়ক: শোণিতপুৰত লাডেনৰ সন্ত্ৰাসঃ আতংকিত ৰাইজ

লখিমপুৰ আৰক্ষী-প্ৰশাসন,CRPF ৰ উপস্থিতিত জোৱান জনৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ জোৱানজনৰ মৃত্যুত লখিমপুৰত শোকৰ ছাঁ পৰিছে ৷

ABOUT THE AUTHOR

...view details