লখিমপুৰ, 23 আগষ্ট : চন্দ্ৰযান-3ৰ সফল অৱতৰণেৰে ইতিহাস সৃষ্টি কৰিলে ভাৰতবৰ্ষই ৷ বুধবাৰে সন্ধিয়া চন্দ্ৰৰ বুকুত ভাৰতৰ চন্দ্ৰযান-3 য়ে সফল অৱতৰণ কৰাৰ লগে লগে সমগ্ৰ বিশ্বই অভিনন্দন জনায় ভাৰতক ৷ চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰা বিশ্বৰ প্ৰথমখন দেশত পৰিণত হ’ল ভাৰত ৷ চন্দ্ৰযান-3ৰ অভিযানৰ সফল নেতৃত্ব দিয়া বিজ্ঞানীসকলৰ অন্যতম আছিল লখিমপুৰৰ চয়ন দত্ত ৷ চয়নে বিদেশৰ লোভনীয় দৰমহাৰ চাকৰিৰ মোহ ত্যাগ কৰি দেশৰ গৌৰৱৰ হকে আত্মনিয়োগ কৰিছিল ৷
বুধবাৰে সন্ধিয়া চন্দ্ৰযান-3 ৰ সফল অৱতৰণৰ লগে লগে চৰ্চা লৈ আহে এই অভিযানৰে জৰিত মহাকাশ বিজ্ঞানীসকলৰ নাম ৷ এই প্ৰসংগত উচ্চাৰিত হৈছে এই অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা লোৱা লখিমপুৰৰ চয়ন দত্তৰ নাম ৷ বিদেশৰ লোভনীয় দৰমহাৰ চাকৰিৰ মোহ এৰি দেশৰ গৌৰৱৰ হকে আত্মনিয়োগ কৰিছিল বিজ্ঞানী চয়ন দত্তই ৷ লখিমপুৰৰ চয়ন দত্তই চুইজাৰলেণ্ড চৰকাৰে ভাৰততকৈ 30 গুণে বেছি দৰমহা দিয়াৰ প্ৰস্তাৱ দিছিল ৷ পিছে চয়নে সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি দেশক গৌৰৱাম্বিত কৰাৰ হকে আত্মনিয়োগ কৰে ৷ এই কথা আজি সদৰি কৰে চয়নৰ পিতৃ ৰঞ্জিত দত্তই ৷
উল্লেখ্য লখিমপুৰ নগৰৰ 10 নং ৱাৰ্ডৰ গোপীনগৰ কলনী নিবাসী ৰঞ্জিত কুমাৰ দত্ত আৰু মাতৃ শিলাৰাণী দত্তৰ সুযোগ্য জ্যেষ্ঠ পুত্ৰ চয়ন দত্তই চন্দ্ৰযান-3 অভিযানৰ অন বৰ্ড কামান, টেলিমেট্ৰী, ডাটা হেণ্ডেলিং আৰু ষ্টৰেজ চিষ্টেমৰ দৰে গুৰুত্বপূৰ্ণ দায়িত্ব বহন কৰিছিল ৷ চাৰি বছৰ পূৰ্বে 2019 চনত চন্দ্ৰযান-2 ৰ বিফলতাৰ বাবে চয়নে চকুলো টুকিছিল যদিও ভৱিষ্যতে সফল হোৱাৰ লক্ষ্য তেওঁ স্থিৰ কৰি লৈছিল ৷ চয়নক চুইজাৰলেণ্ড চৰকাৰে ভাৰত চৰকাৰতকৈ ত্ৰিশ গুণ বেছি দৰমহা দিয়াৰ প্ৰস্তাৱ দিছিল যদিও পিতৃ ৰঞ্জিত দত্তই বিদেশত নহয় দেশবাসীৰ সেৱাৰ বাবেহে পুত্ৰক আত্ম নিয়োগ কৰিবলৈ প্ৰেৰণা যোগাই আহিছিল ৷