লখিমপুৰ, 24 আগষ্ট :ত্ৰৈলোক্য সোণোৱাল আৰু নাই ৷ কাহানিও উভতি নহাৰ প্ৰতিশ্ৰুতি দি গ’ল গৈ জনপ্ৰিয় পেৰডী গায়ক ত্ৰৈলোক্য সোণোৱাল ৷ উকা হৈ ৰ’ল পেৰডী গীতৰ মঞ্চখন ৷ কেইবাদশক ধৰি পেৰডী গীতেৰে জনপ্ৰিয়তাৰ শীর্ষত থকা ত্ৰৈলোক্য সোণোৱালে বৃহস্পতিবাৰে পুৱা 4.25 বজাত অসম চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰে ।
জানিব পৰা মতে, বিগত কেবাদিন ধৰি যকৃতৰ ৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল প্ৰয়াত সোণোৱাল ৷ লখিমপুৰ নগৰৰ পৰা কিছু নিলগত থকা ৰাজখোৱা গাঁৱৰ নিবাসী আছিল ত্ৰৈলোক্য সোণোৱাল ৷ প্ৰয়াত সোণোৱাল আছিল একেধাৰে দৰদী কণ্ঠশিল্পী তথা গীতিকাৰ । পেৰডী গীত আছিল তেওঁৰ প্ৰিয় ।
নিজে গীত ৰচনা কৰি তাত সুৰ দি তেওঁ নিজেই গীতত কণ্ঠ নিগৰাইছিল ৷ ব্যংগভাৱে গীতৰ মাজেৰে তেওঁ সমাজলৈ বহু বাৰ্তা প্ৰেৰণ কৰিছিল । পেৰডী গীতৰ বাবে সমাজত তেওঁ জনপ্ৰিয়তা লাভ কৰিছিল । প্ৰায় 25 বছৰ ধৰি পেৰডী গীত গাই ৰাইজক মন্ত্ৰমুগ্ধ কৰি আহিছিল ত্ৰৈলোক্য সোণোৱালে । পেৰডী গায়কৰ লগতে ত্ৰৈলোক্য সোণোৱাল আছিল এগৰাকী কৌতুক অভিনেতাও ৷