অসম

assam

ETV Bharat / state

ৰাষ্ট্ৰীয় পৰ্যায়ৰ Shooting championshipত অসমৰ দুটা পদক - Good news for Assam sports

অসমৰ ক্ৰীড়া জগতৰ বাবে আন এক ভাল খৱৰ (Good news for Assam sports) । ৰষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল হৃদয় হাজৰিকা । ২০ সংখ্যক কুমাৰ সুৰিন্দৰ সিং শ্বুটিঙ চেম্পিয়নশ্বিপত ৰূপ-ব্ৰঞ্জৰ পদ । মুম্বাইত প্ৰশিক্ষণ গ্ৰহণৰ সময়ত আক্ৰান্ত হৈছিল ক'ভিডত ।

bihpuria
ৰাষ্ট্ৰীয় পৰ্যায়ৰ Shooting championshipত অসমৰ দুটা পদক

By

Published : Jun 23, 2022, 11:24 AM IST

বিহপুৰীয়া,23 জুন:নতুন দিল্লীত অনুষ্ঠিত ২০ সংখ্যক কুমাৰ সুৰিন্দৰ সিং শ্বুটিঙ চেম্পিয়নশ্বিপত অসমৰ আন্ত:ৰাষ্ট্ৰীয় শ্বুটাৰৰ দুটা পদক অৰ্জন (Kumar Surinder Singh Shooting Championship)। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ হৃদয় হাজৰিকাই নতুন দিল্লীত অনুষ্ঠিত ছিনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে (Bronze medal of Hriday )। তেওঁ এই প্ৰতিযোগিতাত জুনিয়ৰ শাখাতো ৰূপৰ পদক লাভ কৰিছে বুলি জানিব পৰা গৈছে ৷

নতুন দিল্লীৰ ড°কাৰণি সিঙ শ্বুটিঙ ৰেঞ্জত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ যোগ্য়তা নিৰ্ণয়কাৰী ৰাউণ্ডত হৃদয়ে ৬২৯.৮ পইন্ট লাভ কৰি পুৰুষৰ শাখাত তৃতীয় আৰু জুনিয়ৰত দ্বিতীয় স্থানেৰে ফাইনেলত প্ৰৱেশ কৰে ৷ বুধবাৰে অনুষ্ঠিত হোৱা ফাইনেল খেলখনত হৃদয়ে ২৬০.১পইন্ট লাভ কৰি ব্ৰঞ্জৰ পদক দখল কৰে ৷

আনহাতে,জুনিয়ৰ শাখাত হৃদয়ে ২৬২.১ স্ক'ৰেৰে ৰূপৰ পদ লাভ কৰিবলৈ সক্ষম হয় (Assam Silver medal at Delhi) ৷ উল্লেখ্য় যে ক'ভিডকালীন পৰিস্থিতিৰৰ পিছত হৃদয়ৰ এইটো আছিল তৃতীয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদক ৷ ইয়াৰ পূৰ্বে তেওঁ পুৰুষৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল ৷

উল্লেখযোগ্য যে হৃদয়ে মুম্বাইত প্ৰশিক্ষণ গ্ৰহণৰ সময়ত ক'ভিডত আক্ৰান্ত হৈছিল । তদুপৰি হৃদয়ে ভৰিৰ আঙুলিত আঘাত পোৱাত কিছুদিন অনুশীলনৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল ৷ হৃদয় লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক শৰৎ হাজৰিকাৰ পুত্ৰ ।

লগতে পঢ়ক:Asian Track Cycling Championships 2022: অসমৰ চয়নিকা গগৈ নেতৃত্বাধীন ভাৰতীয় দলৰ অভিলেখ

ABOUT THE AUTHOR

...view details