অসম

assam

ETV Bharat / state

উন্নয়ণৰ নমুনাঃ পথৰ দুৰাৱস্থাত অতিষ্ঠ পথাচাৰী

ঐতিহ্যমণ্ডিত বাসুদেৱ থান এতিয়া পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে যদিও পথটোৰ প্ৰতি চৰকাৰ তথা স্থানীয় বিধায়কৰ উদাসীনতাত ক্ষোভিত হৈ পৰিছে ঢকুৱাখনাৰ সচেতন ৰাইজ

By

Published : May 1, 2019, 6:43 PM IST

উন্নয়ণৰ নমুনাঃ পথৰ দুৰাৱস্থাত অতিষ্ঠ পথাচাৰী

লখিমপুৰ, ১ মেঃ লখিমপুৰৰ খজুৱা তিনিআলিৰ গড়কপ্তানি পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে পথাচাৰীক ।

উন্নয়ণৰ নমুনাঃ পথৰ দুৰাৱস্থাত অতিষ্ঠ পথাচাৰী
ঐতিহ্যমণ্ডিত বাসুদেৱ থানলৈ অহা ভক্তৰ যমৰ-যাতনা। দীৰ্ঘ দিনধৰি ঢকুৱাখনাৰ পৰা ঐতিহাসিক বাসুদেৱ থান সংযোগী পথৰ দূৰৱস্থাই জ্বলা-কলা খোৱাইছে পথাচাৰীক।পথটোৰ মেৰামতি নকৰাৰ ফলত স্থানীয় লোকৰ লগতে বাসুদেৱ থানলৈ দৈনিক শ-শ ভক্তই যমৰ যাতনা ভুগিব লগীয়া হৈছে।

উল্লেখ্য যে, ঐতিহ্যমণ্ডিত বাসুদেৱ থান এতিয়া পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰিত হৈছে যদিও পথটোৰ প্ৰতি চৰকাৰ তথা স্থানীয় বিধায়কৰ উদাসীনতাত ক্ষোভিত হৈ পৰিছে ঢকুৱাখনাৰ সচেতন ৰাইজ । এতিয়া প্ৰশ্ন হয় উন্নয়ণৰ নামত সভাই সমিতিয়ে ঢাক-ঢোঁল বজাই ফুৰা বিজেপি মন্ত্ৰী-বিধায়ক সকলৰ এই দৃশ্যলৈ চকু পৰিবনে ?

অধিক পঢ়িবলৈ-ধাৰাষাৰ বৰষুণত স্তব্ধ যোৰহাটৰ জনজীৱন

ABOUT THE AUTHOR

...view details