অসম

assam

ETV Bharat / state

উত্তৰ অসমত অসম আৰক্ষীৰ মটৰ চাইকেল ৰেলীক বিপুল আদৰণি - ৰাইড অফ প্ৰাইড

অসম আৰক্ষীৰ "ৰাইড অফ প্ৰাইড" মটৰ চাইকেল ৰেলীয়ে বুধবাৰে বিহপুৰীয়া সমষ্টিত প্ৰবেশ কৰে ৷ বিহপুৰীয়াৰ লগতে লখিমপুৰ আৰু বিশ্বনাথতো বিপুল আদৰণি জনোৱা হয় এই ৰেলীক ৷ ৭ মে'ত এই ৰেলী গুৱাহাটীত উপস্থিত হ'ব । ১০ মে'ত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত গৃহ মন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক ভাৰতৰ ৰাষ্ট্ৰপতিৰ হৈ Presidents Colour প্ৰদান কৰিব ।

উত্তৰ অসমত অসম আৰক্ষীৰ মটৰ চাইকেল ৰেলীক বিপুল আদৰণি
উত্তৰ অসমত অসম আৰক্ষীৰ মটৰ চাইকেল ৰেলীক বিপুল আদৰণি

By

Published : May 5, 2022, 9:09 AM IST

Updated : May 5, 2022, 9:40 AM IST

বিহপুৰীয়া, 5 মে': অসম আৰক্ষীৰ "ৰাইড অফ প্ৰাইড" মটৰ চাইকেল ৰেলীয়ে বুধবাৰে বিহপুৰীয়া সমষ্টিত প্ৰবেশ কৰে ৷ আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ নেতৃত্বত ৰাজ্যৰ ২,০৫৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰমৰ লক্ষ্যৰে ১ মে'ত ধুবুৰীৰ পৰা আৰম্ভ হৈছিল এই যাত্ৰা ৷ বুধবাৰে বান্দৰদেৱা আৰক্ষীৰ লগতে বান্দৰদেৱা গাওঁৰক্ষী বাহিনী আৰু খেৰাজখাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাই লখিমপুৰ জিলাৰ ভোগপুৰত এই ৰেলীক আদৰণি জনায় ।

উত্তৰ অসমত অসম আৰক্ষীৰ মটৰ চাইকেল ৰেলীক বিপুল আদৰণি

অসম আৰক্ষীৰ সহকাৰী উপ-মহাপৰিদৰ্শক আনন্দ মিশ্ৰৰ নেতৃত্বত অহা এই ৰেলীয়ে অসমৰ ২৭খন জিলাৰ ২,০৫৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ৭ মে'ত গুৱাহাটীত উপস্থিত হ'ব । ১০ মে'ত গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক ভাৰতৰ ৰাষ্ট্ৰপতিৰ হৈ Presidents Colour প্ৰদান কৰিব। আনহাতে, বুধবাৰৰ বিয়লি এই ৰেলী আহি উপস্থিত হয় লখিমপুৰত ।

উত্তৰ অসমত অসম আৰক্ষীৰ মটৰ চাইকেল ৰেলীক বিপুল আদৰণি

লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এই ৰেলীক উষ্ম আদৰণি জনোৱা হয় । স্বাধীনতাৰ পিছত এই সন্মান লাভ কৰা অসম হৈছে ভাৰতবৰ্ষৰ দশমখন ৰাজ্য ৷ লখিমপুৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এক অনুষ্ঠানত NCC কেডাৰ সকলৰ সৈতেও মত বিনিময় কৰে আৰক্ষী মহাপৰিদৰ্শক(ক্ৰীড়া) আনন্দ মিশ্ৰই । আনহাতে, বিশ্বনাথৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এই মটৰ চাইকেল ৰেলীক বিহু নৃত্য, গায়ন বায়নেৰে আদৰণি জনোৱা হয় ৷

উত্তৰ অসমত অসম আৰক্ষীৰ মটৰ চাইকেল ৰেলীক বিপুল আদৰণি

বিশ্বনাথ আৰক্ষী, বিশ্বনাথ কলেজ, ভিডিপি পাৰ্টি, পৌৰসভা, নৰ্থ ইষ্ট এডভেঞ্চাৰ অৰ্গেনাইজেচন আদিয়েও সম্বৰ্ধনা জনাই এই ৰেলীক । ইফালে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মোনাবাৰী লাহৰিজান চেন্টাৰত মোনাবাৰী আটছা সদস্য সকলে দলটোক আদৰণি জনায় । ইয়াৰ পিছতে হেলেম আৰু গহপুৰ আৰক্ষী থানাতো IPS বিষয়া গৰাকীৰ দলটোক আদৰণি জনোৱা হয় ৷

লগতে পঢ়ক: চেলফিয়ে হ’ল কাল: ট্ৰাকৰ খুন্দাত আহত শিশুসহ 5গৰাকী লোক

Last Updated : May 5, 2022, 9:40 AM IST

ABOUT THE AUTHOR

...view details