লখিমপুৰ, ১৬ অক্টোবৰ :অসম আন্দোলনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা লখিমপুৰৰ বগামল দত্তৰ বিয়োগ । গুৱাহাটীৰ দিছপুৰ পলিক্লিনিকত শনিবাৰে মৃত্যু ঘটে সংগ্ৰামী নেতাজনৰ । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬১ বছৰ । কেইদিনমানৰ পূৰ্বে এক দুৰ্ঘটনাত পতিত হৈ তেওঁ চিকিৎসাধীন হৈ আছিল ।
লখিমপুৰৰ নগৰৰ ৯ নম্বৰ ৱাৰ্ডৰ বাসিন্দা আছিল দত্ত । অসম আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দি চৰকাৰৰ ৰোষত পৰিছিল দত্ত । যাৰ বাবে বহুবাৰ কাৰাৰুদ্ধ হ'বলগা হৈছিল দত্ত । টাডাৰ (TADA) দৰে গোচৰো জাপি দিয়া হৈছিল তেওঁৰ বিৰুদ্ধে । আন্দোলনৰ পৰৱৰ্তী সময়ত তেওঁ বহু সামাজিক অনুষ্ঠানৰ সৈতে জড়িত হৈ পৰিছিল ।