অসম

assam

ETV Bharat / state

পুনৰ অৰুণাচলী দুৰ্বৃত্তই হত্যা কৰিলে অসমৰ শ্ৰমিকক - Naharlagun Police

পুনৰ অৰুণাচলত নৃশংসভাৱে হত্যা কৰা হৈছে অসমৰ এজন শ্ৰমিকক ৷ দাৰে ঘপিয়াই দুৰ্বৃত্তই হত্যা কৰে নাওবৈচাৰ লালুকৰ আব্দুল ছালাম নামৰ লোকজনক ৷ অৰুণাচলৰ নাহৰলগুনত এটা নিৰ্মীয়মান ভৱনৰ চকীদাৰ হিচাপে কৰ্মৰত হৈ আছিল লোকজন ৷

Assam man killed in Arunachal Pradesh
পুনৰ অৰুণাচলী দুৰ্বৃত্তই হত্যা কৰিলে অসমৰ শ্ৰমিকক

By

Published : Jun 17, 2021, 11:53 AM IST

নাওবৈচা, ১৭ জুন : অসমৰ শ্ৰমিকৰ ওপৰত অব্যাহত আছে অৰুণাচলী দুৰ্বৃত্তৰ নৃশংসতা । পুনৰ এগৰাকী শ্ৰমিকক বৰ্বৰভাৱে হত্যা কৰিলে অৰুণাচলী দুৰ্বৃত্ত‌ই । মৃত লোকজন নাওবৈচাৰ লালুক কেহুতলীৰ আব্দুল ছালাম বুলি জানিব পৰা গৈছে ৷ নাহৰলগুনত এটা নিৰ্মীয়মান ভৱনৰ চকীদাৰ হিচাপে কৰ্মৰত হৈ আছিল আব্দুল ৷ বুধবাৰে নিশা অৰুণাচলী দুৰ্বৃত্তই নৃশংসভাৱে দাৰে ঘপিয়াই হত্যা কৰে চকীদাৰ আব্দুল ছালামক । এই ঘটনাৰ পাছতে নাহৰলগুন আৰক্ষী(Naharlagun Police) য়ে হত্যাকাৰীক মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

পুনৰ অৰুণাচলী দুৰ্বৃত্তই হত্যা কৰিলে অসমৰ শ্ৰমিকক

এই ঘটনাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি অৰুণাচল চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে আমছু(AAMSU) য়ে । অৰুণাচল চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে । কৰ্মসূত্ৰে অৰুণাচলত থকা অসমৰ লোকসকলৰ শীঘ্ৰে নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবী জনাইছে সংগঠনটোৱে । তদুপৰি দুৰ্ভগীয়া পৰিয়ালটোৰ কোনো সদস্যক অৰুণাচল চৰকাৰ(Arunachal Government)এ সংস্থাপন দিয়াৰ ব্যৱস্থা কৰাৰ লগতে অসম আৰু অৰুণাচল চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে আমছুৱে ৷

লগতে পঢ়ক: ধেমাজীত জব্দ 24 লাখ টকাৰ অৰুণাচলী সুৰা

ABOUT THE AUTHOR

...view details