নাওবৈচা,১১ ডিচেম্বৰ:যোৱা ৮ ছেপ্টেম্বৰত সমগ্ৰ অসম কঁপাই যোৱা মাজুলী নিমাতিঘাটৰ শোকাৱহ নাও দুৰ্ঘটনাত (Majuli boat tragedy) মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছিল নাওবৈচাৰ ৰামপুৰৰ ইন্দ্ৰেশ্বৰ বৰা নামৰ লোকজনে । ইন্দ্ৰেশ্বৰ বৰাৰ মৃত্যুৰ পাছতে তেওঁৰ ঘৰখনলৈ ঘোৰ অন্ধকাৰ নামি আহিছিল । কিন্তু আজি সেই দুৰ্ভগীয়া পৰিয়ালটোৰ মুখত হাঁহি বিৰিঙিছে । কাৰণ ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীক চৰকাৰে শিক্ষা বিভাগৰ চতুৰ্থ বৰ্গৰ চাকৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে (Government job for wife of Indreshwar Bora)।
উল্লেখ্য যে নাও দুৰ্ঘটনাটোত আন যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ গৈ মৃত্যু হৈছিল ইন্দ্ৰেশ্বৰ বৰাৰ । তাৰ পাছতে ইন্দ্ৰেশ্বৰ বৰাৰ ঘৰত উপস্থিত হৈছিল অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা । মুখ্যমন্ত্ৰীগৰাকীয়ে ইন্দ্ৰেশ্বৰ বৰাৰ পত্নীক সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল ।