কৰ্মচাৰীৰ প্ৰতিবাদত অচল লখিমপুৰ জিলা আয়ুক্ত কাৰ্য্যালয়ৰ কাম কাজ লখিমপুৰ, 23 আগষ্ট:মঙলবাৰৰ পৰা দুদিনীয়াকৈ ৰাজ্যজুৰি এন পি এছ কৰ্মচাৰীসকলে সাব্যস্ত কৰিছে প্ৰতিবাদ ৷ পুৰণি পেঞ্চন নীতি বাহাল ৰাখি নতুন পেঞ্চন নীতি বাতিল কৰাৰ দাবীত প্ৰতিবাদ অব্যাহত আছে ৷ ফলত জটিল হৈ পৰিছে চৰকাৰী কাৰ্যালয়ৰ কাম-কাজ ৷ ৰাজ্যৰ আন আন জিলাৰ দৰে লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়তো চলিছে প্ৰতিবাদ । প্ৰতিবাদৰ ফলত অচল হৈ পৰিছে কাৰ্যালয়ৰ কাম-কাজ ।
উল্লেখ্য যে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত জিলা প্ৰশাসনৰ কৰ্মচাৰী সন্থাই মঙলবাৰৰ পৰা কৰ্মবিৰতি পালন কৰে । প্ৰতিবাদী কৰ্মচাৰীসকলে ক্ষোভ প্রকাশ কৰি কয় যে, এন পি এছ বাতিল কৰি অ পি এছ বাহাল ৰখাৰ দাবীত কৰ্মচাৰী সন্থাই দীর্ঘদিন ধৰি দাবী জনাই আহিছে ৷
কিন্তু কৰ্মচাৰীৰ দাবীৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব দিয়া নাই । বিভিন্ন সময়ত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাজ্য চৰকাৰ, কেন্দ্রীয় চৰকাৰক স্মাৰক পত্র যোগে দাবী জনোৱা হৈছে । তথাপি চৰকাৰে বিষষটোত গুৰুত্ব দিয়া নাই। সেয়ে কৰ্মচাৰীসকল পুনৰ আন্দোলৰ পথত নামিব লগীয়া হৈছে ।
‘‘আমি ভৱিষ্যতক লৈ চিন্তিত ৷ আমাৰ ভৱিষ্যত অন্ধকাৰ ৷ অৱসৰৰ পাচত আমি একো নাপাম ৷ নতুন পেঞ্চন আঁচনিৰ ফলত বৰ্তমান অৱসৰ লোৱা চৰকাৰী কৰ্মচাৰীসকলৰ কি লাভ হৈছে সেয়া দেখিছো ৷ সেয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমালৈ চকু মেলি চাওঁক ৷ অন্যাথা আমি নিগমে মৰিম ৷’’ এইদৰে অৱসৰৰ পাচত ভৱিষ্যত জীৱনক লৈ ক্ষোভ উজাৰিলে এন পি এছ কৰ্মচাৰীসকলে ৷
লগতে পঢ়ক:Jorhat-Majuli Bridge: যোৰহাট-মাজুলী সংযোগী দলং নিৰ্মাণৰ কামৰ পৰা অব্যাহতি ১৫ জনকৈ চিকিউৰিটি গাৰ্ডক