লখিমপুৰ, ১৪ জুন:বুধবাৰে দিনৰ ভাগত লখিমপুৰৰ নাওবৈচা দলহাটত মথাউৰি ছিঙি শিঙৰা নদীৰ বাঢ়নী পানীৰে সৃষ্টি কৰে তাণ্ডৱৰ ৷ বিয়লি পৰ্যন্ত লখিমপুৰৰ কুৰিখনৰো অধিক গাঁও প্লাৱিত হয় বছৰৰ প্ৰথমটো বানত । জিলাখনত সৃষ্টি হোৱা এনে জলপ্ৰলয়ৰ খবৰ লাভ কৰাৰ পাচতেই মুখ্যমন্ত্রীয়ে দিয়া নিৰ্দেশ মৰ্মে বানাক্ৰান্ত অঞ্চলত তৎকালীনভাৱে উপস্থিত হয় সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা, জিলা আয়ুক্ত সুমিত সাত্তাৱনসহ প্ৰশাসনীয় বিষয়া বৰ্গ ।
অঞ্চলটোৰ বান পৰিস্থিতি আৰু বানাক্ৰান্ত লোকসকলৰ অৱস্থাৰ বুজ লৈ সকলো যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে সাংসদ প্ৰদান বৰুৱাই । তেওঁ সাংবাদিকৰ আগত কয় যে, সদ্যহতে অঞ্চলটোত উদ্ধাৰ অভিযানত সৰ্বাধিক গুৰুত্ব দিয়া হৈছে ৷ খুব কম সময়ৰ ভিতৰতে চৰকাৰে ঘৰ-দুৱাৰ ভগা সকলৰ ক্ষতিপূৰণৰ বাবে ব্যবস্থা গ্রহণ কৰিব । বিজেপি দলৰ কাৰ্যকৰ্তা সকলক এই দুৰ্যোগৰ সময়ত ৰাইজক সহায় কৰিবলৈ নিৰ্দেশ দিয়া হৈছে বুলি সাংসদগৰাকীয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়ক:Flood In Lakhimpur: লখিমপুৰত বানৰ তাণ্ডৱ, শিঙৰা নদীৰ ছিগিল মথাউৰি
বানত প্লাৱিত হোৱা অঞ্চলত জিলা আয়ুক্তই নিজেই তদাৰক কৰিছে উদ্ধাৰ অভিযান । জলসম্পদ বিভাগে প্ৰতিৰোধমূলক ব্যৱস্থা গ্রহণ কৰাৰ বাবে ইতিমধ্য়েই প্ৰস্তুতি চলাইছে । ৰাজহ চক্র বিষয়াকে আদি কৰি প্ৰশাসনীয় বিষয়াসকলে অঞ্চলটোত উপস্থিত হৈ বিভিন্ন ধৰণে সহায়ৰ হাত আগবঢ়াইছে ।