অসম

assam

ETV Bharat / state

ঢকুৱাখনাত ৰজাদিনীয়া ঐতিহ্য পৰম্পৰাৰে ফাটবিহু

ৰাজ্যৰ বৰ্ণিল কৃষ্টি-সংস্কৃতিৰ মিলন ভূমিত পৰিণত কৰি আজি বৰ্ণাঢ্য সাংস্কৃতিক শোভা যাত্ৰা আৰু গছ তলৰ মুকলি বিহুৰে সামৰণি পৰিল ঐতিহ্য মণ্ডিত ফাটবিহু।

By

Published : May 12, 2019, 5:01 PM IST

ঢকুৱাখনাত ৰজাদিনীয়া ঐতিহ্য পৰম্পৰাৰে উদযাপিত ফাটবিহু

ঢকুৱাখনা, ১২ মেঃ ঢকুৱাখনা মহঘূলি চাপৰিত উৎসৱ মুখৰ পৰিৱেশ । দহোবন কাটি কৰি ফাটবিহুলৈ বুলি ওলাই আহিল ঢকুৱাখনীয়া ডেকা-গাভৰু,বোৱাৰী,চেমনীয়া, সকলো ।

ঢকুৱাখনাত ৰজাদিনীয়া ঐতিহ্য পৰম্পৰাৰে উদযাপিত ফাটবিহু

ৰাজ্যৰ বৰ্ণিল কৃষ্টি-সংস্কৃতিৰ মিলন ভূমিত পৰিণত কৰি আজি বৰ্ণাঢ্য সাংস্কৃতিক শোভা যাত্ৰা আৰু গছ তলৰ মুকলি বিহুৰে সামৰণি পৰিল ঐতিহ্য মণ্ডিত ফাটবিহু। তৃতীয় দিনাও জনগোষ্ঠীয় বিহু দল সমূহৰ কৃষ্টিৰে মুখৰ হৈ পৰিল চাৰিকড়ীয়াৰ পাৰ । ঢোল-তাল, টকা-গগনাৰ আৰু পেপাৰ মাতে ৰজনজনাই উঠিল মহঘুলি চাপৰি । মিচিং,দেউৰী, আহোম, চুতীয়া আদি জনগোষ্ঠী সমূহৰ আগমনে পুৱাৰ পৰাই মহঘূলি চাপৰিত সৃষ্টি কৰে এক উৎসৱ মুখৰ পৰিবেশ । হিলদল ভাঙি দহোবন কাটি কৰি ফাটবিহুলৈ বুলি ওলাই আহিল ঢকুৱাখনীয়া ডেকা-গাভৰু,বোৱাৰী-আদহীয়া,চেমনীয়া,বুঢ়া-মেঠা সকলো।একেদৰে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বহিঃৰাজ্য সমূহৰ পৰাও আহিল বহু ফাটবিহু প্ৰেমী বহু লোক।বতৰৰ প্ৰতিকূলতাকো নেওচি মহঘূলি চাপৰিৰ বিনন্দীয়া প্ৰাকৃতিক পৰিবেশৰ মাজত আনন্দৰে উপভোগ কৰিলে ফাটবিহু । ফাটবিহুৰ উপভোগৰ বাবে ঢকুৱাখনালৈ অহা সকলো ফাটবিহু প্ৰেমীয়ে ললে ৰজাদিনীয়া ঐতিহ্য পৰম্পৰাৰে উদযাপিত ফাটবিহুৰ উপভোগৰ সোৱাদ।মুঠৰ ওপৰত এই ফাটবিহুক লৈ এতিয়া বিৰাজ কৰিছে এক অনন্য পৰিৱেশ । এই তৃতীয়দিনা বাৰে-ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি আজি কাৰ্য্য সূচী আৰম্ভ কৰে জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসে । ইয়াৰ পিছতে আৰম্ভ হব ফাটবিহুৰ মূল আকৰ্ষণ গছতলৰ মুকলি বিহু।এই মুকলি বিহুত জনগোষ্ঠীয় দল সমূহে অংশগ্ৰহণ কৰে।তাৰ পিছতে আৰম্ভ হৱ মুকলি সভা । এই মুকলি সভাত উপস্থিত থাকিব বিশিষ্ট শিল্পী-সাহিত্যিক ৰত্ন ওজা,শ্ৰী মন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ,কটন মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ দেৱেন দত্ত,বিশিষ্ট গল্পকাৰ তথা ডি ৱাই ৩৬৫ ৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামী,বিশিষ্ট বোলছবি পৰিচালক ৰিমা দাসকে ধৰি বহু কেই গৰাকী বিশিষ্ট ব্যক্তি ।

পঢ়ক আন এটা বাতৰি- ঢোল-পেঁপাৰ শব্দত মুখৰিত নাগালেণ্ডৰ ডিমাপুৰ

ABOUT THE AUTHOR

...view details