লখিমপুৰ, 7 আগষ্টঃ লখিমপুৰৰ নাওবৈচাত সোৱণশিৰিৰ ভয়ংকৰ খহনীয়া ৷ নিশ্চিহ্ন হোৱাৰ দিশে ঐতিহাসিক পাভৈ বনাঞ্চল ৷ সমগ্ৰ ৰাজ্য খনতেই প্ৰলয়ংকাৰী বানত হাজাৰ-হাজাৰ বিঘা কৃষি ভূমি,বাসগৃহৰ লগতে পশুধনৰ বিস্তৰ ক্ষতি সাধন হয় ৰাইজৰ ৷ লখিমপুৰৰ সোৱণশিৰি নৈৰ গৰাখহনীয়াত এতিয়া হাহাকাৰ পৰিস্থিতি স্থানীয় ৰাইজৰ ৷ ইতিমধ্যে নাওবৈচাৰ পকণীয়া , পমুৱা- খাবলু , কাৱৈভুৰুকা,নামেচুক আদি গাঁৱৰ কৃষিভূমি ,ঘৰ-বাৰী নদীখনৰ বুকুত উচন হৈছে ৷ তাৰোপৰি এসময়ৰ বনৰীয়া ম'হৰ বাবে বিখ্যাত বনাঞ্চলখন অস্তিত্বৰ সংকটত পৰিছে ৷
অস্তিত্বৰ সংকটত বিখ্যাত পাভৈ বনাঞ্চল! - সোৱণশিৰি
লখিমপুৰৰ সোৱণশিৰি নৈৰ গৰাখহনীয়াৰ ফলত এতিয়া হাহাকাৰ পৰিস্থিতি স্থানীয় ৰাইজৰ ৷ ইতিমধ্যে নাওবৈচাৰ পকণীয়া , পমুৱা- খাবলু , কাৱৈভুৰুকা,নামেচুক আদি গাঁৱৰ কৃষিভূমি ,ঘৰ-বাৰী নদীখনৰ বুকুত উচন হৈছে ৷ তাৰোপৰি এসময়ৰ বনৰীয়া মহৰ বাবে বিখ্যাত পাভৈ বনাঞ্চলখন অস্তিত্বৰ সংকটত পৰিছে ৷
অস্তিত্বৰ সংকটত বিখ্যাত পাভৈ বানাঞ্চল
যদিহে চৰকাৰখনে অনাগত সময়ত তাৎক্ষণিক ভাৱে খহনীয়া প্ৰতিৰোধৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰে, তেনেহলে এসময়ৰ বনৰীয়া ম'হৰ বাবে পৃথিৱী বিখ্যাত পাভৈ বনাঞ্চলখন অসমৰ মানচিত্ৰৰ পৰাই হেৰাই যাব ৷ অতি শীঘ্ৰে নাওবৈচাৰ সোৱণশিৰি নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ লগতে পাভৈ বনাঞ্চল ৰক্ষা কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক আহ্বান জনাইছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ৷
Last Updated : Aug 8, 2019, 8:56 AM IST