অসম

assam

By

Published : Dec 15, 2022, 2:12 PM IST

ETV Bharat / state

Assam CM meeting at Lakhimpur : মুখ্যমন্ত্ৰীৰ অনুষ্ঠানক লৈ তৎপৰ লখিমপুৰ প্ৰশাসন

শুকুৰবাৰে লখিমপুৰত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Assam CM to visit Lakhimpur)। জিলাখনত কেইবাটাও অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ বাবে প্ৰস্তুতি তুংগত উঠিছে ।

Assam Cm meeting at Lakhimpur
মুখ্যমন্ত্ৰীৰ অনুষ্ঠানক লৈ তৎপৰ লখিমপুৰ প্ৰশাসন

মুখ্যমন্ত্ৰীৰ অনুষ্ঠানক লৈ তৎপৰ লখিমপুৰ প্ৰশাসন

লখিমপুৰ, ১৫ ডিচেম্বৰ :১৬ ডিচেম্বৰ লখিমপুৰবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন । কিয়নো এই দিনটোতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘূণাসুঁতি সংযোগী দলঙৰ ভূমি পূজন কৰিব (Bhoomi Pujan of Ghunasuti connecting bridge)। ইয়াৰোপৰি আন ২৪ টাকৈ আঁচনিৰ আধাৰশিলাৰ লগতে আঁচনিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্রীগৰাকীয়ে । যাৰ ফলত লখিমপুৰত উন্নয়নৰ ধাৰাই এক বিশেষ মাত্ৰা লাভ কৰিব বুলি আশা কৰা হৈছে ।

ইতিমধ্যে মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ বাবে প্ৰস্তুতি তুংগত উঠিছে । বিশাল মঞ্চ নিৰ্মাণ কৰা হৈছে । সমান্তৰালকৈ কটকটীয়া নিৰাপত্তা বেস্থনীও গঢ়ি তোলা হৈছে (Assam CM meeting at Lakhimpur)।

জানিব পৰা মতে মুখ্যমন্ত্রীয়ে সোৱণশিৰি নদীৰ ওপৰত ঘূণাসুঁতি সংযোগী প্ৰায় ৩৮ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া দলংখনৰ ভূমি পূজন কৰিব । ভূমি পূজনৰ পাছতে ঘূণাসুঁতিৰ মিৰিজিয়ৰী মহাবিদ্যালয়ৰ এখন ৰাজহুৱা সভাত অংশগ্রহণ কৰিব । সেই স্থানৰ পৰাই মুখ্যমন্ত্রীয়ে আন আন আঁচনিসমূহ ভাৰ্চুৱেলী শুভাৰম্ভ কৰিব (Assam CM to launched various scheme at Lakhimpur)।

এই আঁচনিসমূহৰ ভিতৰত আছে প্ৰায় ২ লাখ টকাৰ সোৱণশিৰি নদীৰ নামনি অংশৰ সুৰক্ষা আঁচনি (চতুর্থ পৰ্যায়), ৪,৯৩,৩৭৮ টকীয়া লখিমপুৰ ক্ৰীড়া প্ৰকল্প, ২ লাখ ৫৩ হাজাৰ ৭৬৫ টকাৰ আন্তঃ ৰাজ্যিক বাছ আস্থান, ২ লাখ ৯ হাজাৰ ৮৪৮ টকাৰ আমপৰাৰ পৰা আমতলালৈ ৰঙানদীৰ বাওপাৰৰ মথাউৰি তথা পথ উদ্বোধন, ২ লাখ ৯ হাজাৰ ৬৪৮ লাখ টকাৰ চেনেল কাটিঙৰ সৈতে তেলিয়াপথাৰত সোৱণশিৰি নদীৰ সোঁপাৰৰ মথাউৰিৰ ছিগা অংশৰ নিৰ্মাণ ।

সমান্তৰালকৈ আন আন আঁচনিসমূহ হৈছে ক্ৰমে ১ লাখ ৪ হাজাৰ ৮৪৮ টকাৰ পুৰণি চিভিল হাস্পতালৰ পৰা লীলাবাৰী বিমান বন্দৰ সংযোগী পথ আৰু এফ চি আই গুদামৰ কাষেৰে এঙাৰখোৱা পথ, লখিমপুৰ জিলা পুথিভৰালৰ উন্নয়নী আঁচনি, মহিলা আই টি আইৰ কৰ্মশালা তথা কাৰিকৰী গবেষণাগাৰ নিৰ্মাণ, ১৩ নং ৱাৰ্ডত গৃহ নির্মাণ আঁচনি, ব্ৰহ্মপুত্ৰ নদীৰ মথাউৰিৰ ওপৰেৰে টেকেলিফুটাৰ পৰা বেলকুচলৈ পথ নিৰ্মাণ, সোণাৰিচাপৰি, গৰৈমাৰী, মৰনৈৰ বিদ্যুৎ উপকেন্দ্র নিৰ্মাণ, ৰে'লৱে গাইড বান্ধৰ পৰা ডিক্ৰং নদীৰ সোঁপাৰৰ পৰা মধুপুৰলৈ মথাউৰিসহ পকীপথ নিৰ্মাণ আঁচনিৰ শুভাৰম্ভ ।

ইয়াৰোপৰি লখিমপুৰ বাইপাচ উদ্বোধন, লখিমপুৰ চিকিৎসা মহাবিদ্যালয় সংযোগী পথৰ উদ্বোধন, লীলাবাৰীৰ পৰা চিয়াজুলী সংযোগী পথ, তাৰকা গৃহৰ উদ্বোধন, ৰঙানদীৰ ওপৰত নিৰ্মাণ কৰা পাচনৈ সংযোগী দলং উদ্বোধন, চাবতি নলকটা পথ, এঙাৰখোৱা দেওবিল পথ আৰু জাপিসজীয়া দেবেৰা পথত নিৰ্মাণ কৰা তিনিখন দলং উদ্বোধন, ৰহঢলা পুখুৰী সংৰক্ষণ আঁচনি উদ্বোধন, লখিমপুৰ কৰ্কট চিকিৎসালয়ৰ পৰা চুকুলীভৰীয়া হৈ গৰিয়াজানলৈ যোৱা পথৰ পকী নৰ্দমা আৰু পদপথ, খজুৱা তিনিআলিৰ পৰা ঢকুৱাখানা হৈ মাতমৰা পথ, কাকৈ নদীৰ ওপৰত চিয়াজুলী লীলাবাৰী পথৰ পকী দলং আৰু বৰদৈবাম-বাসুদেৱ পথৰ পকী দলঙৰ উদ্বোধন কৰিব ।

ইফালে অহা ১৯ ডিচেম্বৰৰ দিনাও মুখ্যমন্ত্রীগৰাকীয়ে লখিমপুৰৰ কেইবাটাও আঁচনিৰ শুভাৰম্ভ কৰিব বুলি জানিব পৰা গৈছে । মাধৱদেৱ বিশ্ব বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰো কথা আছে ।

লগতে পঢ়ক :Lachit Memorial and Cultural Project : দুবছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব লাচিত স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প: মুখ্যমন্ত্ৰী

ABOUT THE AUTHOR

...view details