লখিমপুৰ, 24 মে’:অসম বিধানসভাৰ ৰাজহুৱা হিচাপ পৰীক্ষণ সমিতিৰ লখিমপুৰ জিলা ভ্ৰমণ ৷ বুধবাৰে জিলাখন ভ্ৰমণ কৰি কেইবাটাও দিশ বুজ লয় দলটোৱে ৷ ভ্ৰমণৰ সময়চোৱাত দলটোৱে লখিমপুৰ জিলাত বিগত 2020-21 বিত্তীয় বৰ্ষৰপৰা 2022-23 বিত্তীয় বৰ্ষৰ ভিতৰত বিভিন্ন বিভাগৰ জৰিয়তে ৰূপায়ণ কৰি থকা কেইবাখনো আঁচনিৰ অগ্ৰগতিৰ বুজ লয় ৷ লগতে আঁচনিসমূহৰ ফলপ্ৰসূ কার্যকাৰিতা আৰু উপযোগিতৰ খতিয়ান লয় (Assam Assembly audit team in Lakhimpur) ৷
সন্ধিয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হোৱা এক পৰ্যালোচনা সভাতো দলটোৱে অংশগ্ৰহণ কৰে ৷ এই পৰ্যালোচনা সভাত বিভিন্ন চৰকাৰী বিভাগৰ অধীনত চলি থকা কাম-কাজৰ বিশদ আলোচনা কৰে ৷ এই পৰ্যালোচনা সভাত উপস্থিত থাকে জিলা উপায়ুক্ত সুমিত সত্তাৱান, জিলা উন্নয়ন আয়ুক্ত উৎপল বৰা, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰ, অতিৰিক্ত উপায়ুক্ত মনোৰমা মৰাং আৰু জিলাৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল ৷
লগতে পঢ়ক:Man rescued in unconscious: জোনাইত মুমূৰ্ষ অৱস্থাত এজন লোকক উদ্ধাৰ